
তিনিচুকীয়া, ২৬ অক্টোবৰ (হি.স.): দশমী উপলক্ষে সৰ্বতে উখল-মাখল পৰিবেশৰ মাজতে ডুমডুমাত এটি ৯বছৰীয়া কিশোৰী সন্দানহীন হোৱা এক ঘটনা পোহৰলৈ আহিছে। ডুমডুমাৰ ৰুপাই চাইডিং স্থিত আইটিবিপি শিৱিৰৰ সমীপৰ মদন শ্বাহ নামৰ লোকজনৰ কনিষ্ঠ কন্যা ৯ বছৰীয়াৰশ্মি শ্বাহে ঘৰৰ সন্মুখত হৈ থকা দূৰ্গা পূজা মণ্ডপলৈ গৈছিল। কিন্তু কিছু সময়ৰ পিছতে ৰশ্মিৰ শ্বাহৰ সন্ধান নোপোৱাত পৰিয়ালৰ মাজত হুৱাদুৱা লাগে।
ইফালে ৰশ্মিৰ সন্ধানত কেইদিশে বিচাৰ–খোচাৰ আৰম্ভ কৰে। যদিও ৪৮ঘন্টা ওকলি যোৱা পিছতো কিশোৰীজনীৰ সন্ধান নোলাল। পৰিয়ালে ইতিমধ্যে ডুমডুমা থানাত সন্ধান বিচাৰি এখন এজাহাৰ দাখিল কৰিছে । কোনো সদশয় ব্যক্তিয়ে ৰশ্মিৰ সম্ভৰ্দত যিকোনো সম্ভেদ লাভ কৰিলে ৭০০২৫ ০৪৩৯২ আৰু ৯৬৭৮৪ ৫৬৫৪৫ নম্বৰত ফোন কৰিবলৈ বা আৰক্ষীৰ ওচৰত খবৰ দিবলৈ সকলোলৈ পৰিয়ালবৰ্গই বিনম্ৰ আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
