
কোকৰাঝাৰ, ১৫ জানুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও সদৰ চহৰৰ শ্ৰীশ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰমত ভাস্কৰ্য্য আৰু সৌন্দৰ্য্য বৰ্ধনৰ নিমিত্তে কালি বিয়লি স্বামী বিবেকানন্দ প্ৰতিমূৰ্তি স্থাপনৰ আধাৰশিলা স্থাপন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ আয়তীৰ উৰুলি আৰু শঙ্খধ্বনিৰে মুখৰিত হোৱা সেৱাশ্ৰমৰ বাকৰিত মাণ্ডলিক ক্ৰীয়া কৰ্ম সমাপনৰ পিছতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই শিলান্যাস কৰে ৷ তাৰোপৰি ৰামকৃষ্ণ সেৱাশ্ৰম সংযোগী ৩৭ লাখ টকীয়া এখন পথৰ আধাৰশিলা স্থাপন কৰে।
এই উপলক্ষ্য়ত বিটিআৰ প্ৰধান গৰাকীয়ে কয় যে ভাৰতৰ সভ্যতা সংস্কৃতি, ৰীতি-নীতি, ঐতিহ্য, কলা-কৃষ্টি আৰু সংস্কৃতি জীৱাই ৰাখিবলৈ মহাপুৰুষ জনাই দিয়া দিক্দৰ্শন আৰু নিৰ্দেশনা আদিৰ বাবেই হয়তো আজিৰ ভাৰতবৰ্ষৰ এই সভাতা কোনেও ধ্বংস কৰিব পৰা নাই ৷ অৱশ্যে ইয়াৰ সুৰক্ষাৰ বাবেও ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চলাই থকা প্ৰচেষ্টাৰ শলাগ লয় ৷ পোনতে তেখেতে শ্ৰীশ্ৰী ৰামকৃষ্ণ মন্দিৰত সেৱা লোৱাৰ লগতে পূজাভাগত অংশগ্ৰহণ কৰে ৷ আধাৰশিলা স্থাপন কাৰ্যসূচীত নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য উইলছন হাছদা, পাৰিষদ মাধৱ ছেত্ৰী, সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, গোসাঁইগাঁও পৌৰ সভাৰ সভাপতি, উপ সভাপতি, বিজেপিৰ জিলা উপ সভাপতি জেঠমল মালু সহ ইউ পি পি এল আৰু বিজেপি দলৰ ভালে সংখ্যক কৰ্মকৰ্তা আৰু বহু ভক্তপ্ৰাণ আৰু বিশিষ্ট নাগৰিক উপস্থিত থাকে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
