নতুন দিল্লী, ১৫ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১২ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান(পিএম-জনমন)ৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰাম্য (পিএমএৱাই-জি)ৰ এক লাখ হিতাধিকাৰীৰ প্ৰথম কিস্তি মুকলি কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী-জনমনৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰিব। পিআইবিয়ে এই তথ্য সদৰি কৰিছে।
পিআইবিৰ এক বিবৃতিত কোৱা হৈছে যে, শেষ বিন্দুত শেষৰজন মানুহক বিশেষকৈ দুৰ্বল জনজাতি গোট (পিভিটিজি)ক আৰ্থ-সামাজিক কল্যাণৰ তথা সৱল কৰাৰ অন্ত্যোদয়ৰ দৃষ্টিভংগীৰ দিশত প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি যোৱা বছৰৰ ১৫ নৱেম্বৰত জনজাতীয় গৌৰৱ দিৱসত পিএম-জনমন মুকলি কৰা হৈছিল হৈছিল।
পিআইবিৰ তথ্য অনুসৰি প্ৰায় ২৪ হাজাৰ কোটি টকাৰ বাজেটৰ পিএম-জনমনে ৯টা মন্ত্ৰালয়ৰ জৰিয়তে ১১টা মূল হস্তক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ লক্ষ্য হৈছে পিভিটিজিৰ পৰিয়াল আৰু বসতিস্থলসমূহক নিৰাপদ আৱাস, বিশুদ্ধ খোৱাপানী আৰু অনাময় ব্যৱস্থাৰ দৰে মৌলিক সুবিধাসমূহেৰে পৰিপূৰ্ণ কৰি শিক্ষা, স্বাস্থ্য আৰু পুষ্টি, বিদ্যুৎ, পথ আৰু দূৰসংযোগ সংযোগ আৰু বহনক্ষম জীৱিকাৰ সুযোগসমূহৰ উন্নত সুবিধা প্ৰদান কৰা। লগতে পিভিটিজিৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰা।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
