
হোজাই, ০৬ জানুৱাৰী (হি.স.): হোজাইৰ দক্ষিণ বিদ্যানগৰত আজি পুৱতি নিশা সংঘটিত হয় এক ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় কাৰ্তিক মণ্ডল নামৰ এজন লোকৰ বাসগৃহ। নিশা ঘৰৰ সকলো লোকে শুই থকা অৱস্থাত সংঘটিত হয় উক্ত অগ্নিকাণ্ডৰ ঘটনাটো।
অৱশ্য়ে বর্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ। উক্ত অগ্নিকাণ্ডৰ ঘটনাত প্ৰায় সাত লাখ টকাৰ সম্পত্তি জাহ যায় । ঘটনাস্থলীত নিশা দুখনকৈ অগ্নিনিৰ্বাপন বাহিনীৰ বাহন আহিও নুমমুৱাবলৈ সক্ষম নহল জুই। ঘটনাস্থলীলৈ যোৱা পথৰ খাৱৈত বাহনৰ চকা সোমাই আবদ্ধ হৈ ৰয় অগ্নিনিৰ্বাপন বাহিনীৰ বাহন। স্থানীয় লোকৰ তৎপৰতাত ভুক্তভোগী পৰিয়ালৰ লোকে স্বয়ং জুই নির্বাপনৰ চেষ্টা যদিও সম্পূৰ্ণৰূপে ভস্মীভূত হয় সামগ্ৰীৰ লগতে বাসগৃহ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
