ডিব্ৰুগড়, ২৫ ডিছেম্বৰ(হি.স.)। আৰম্ভ হৈছে বনভোজৰ বতৰ। পুৰণিক বিদাই দি নতুনক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে বনভোজ প্ৰেমী সকলে। উজনি অসমৰ চিনাকি বনভোজ স্থলী নাহৰকটীয়াৰ চাচনীৰ গাভৰু দলং খনৰ কাষতে বিভিন্ন স্থানৰ বনভোজদল সমূহেৰে উথপথপ পৰিৱেশৰ সৃষ্টি হৈছে।
উল্লেখ্য় যে ১৯৭৬ চনত মুঠ ১১টা খুটাৰে অইল ইণ্ডিয়া লিমিটেডৰ নাহৰকটীয়া চাচনী স্থিত ৮ নং অচিএছৰ পৰা দুলীয়াজানৰ মৌমাৰী স্থিত ২ নং অচিএছলৈ খাৰুৱা তেল সৰবৰাহ কৰিবৰ বাবে বুঢ়ীদিহিং নৈৰ ওপৰত নিৰ্মাণ কৰিছিল এইখন দলং। এই দলং খন নিৰ্মাণ কৰি থকাৰ সময়ত বুঢ়িদিহিং নৈৰ পাৰত থকা বগৰী গছ সমূহৰ পৰা প্ৰায়ে জাকে জাকে গাভৰু ছোৱালীয়ে বগৰী খাবলৈ আহি দলঙ খনৰ কাম চাবলৈ অহাৰ বাবেই সময়ৰ সোঁতত এই দলঙ খনৰ নাম হৈ পৰিছিল গাভৰু দলং। ডিছেম্বৰ আৰু জানুৱাৰী মাহত এই গাভৰু দলঙতে উজনি অসমৰ বিভিন্ন ঠাইৰ বনভোজ দল সমূহ উপস্থিত হৈয় নাচি বাগি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়।
স্থানীয় লোকসকল তথা উজনি অসমৰ বনভোজ দলেই নহয়, বুঢ়ীদিহিং নৈৰ ওপৰত থকা গাভৰু দলঙৰ মনোমোহা দৃশ্য আৰু দেশী বিদেশী চৰাই আগমনে আন এক শুভবাৰ্তা কঢ়িয়াই আনিছে গাভৰু দলঙৰ বাবে। স্থানীয় লোক । বনভোজৰ এই সময়ছোৱাত গাভৰু দলঙলৈ বনভোজ খাবলৈ অহা দল সমূহৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় যুৱক সকল আৰু গাওঁৰক্ষী বাহিনীয়ে হাতত লৈছে এক বিশেষ পদক্ষেপ।
গাভৰু দলঙৰ কাষতে লাগি থকা বনভোজ স্থলি সমূহ চাফ চিকুণ কৰি বনভোজ দলৰ গাড়ী সমূহ পাৰ্কিং কৰিব পৰাকৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে গাওঁৰ যুৱক সকলে। নৱবৰ্ষৰ প্ৰাক ক্ষণত পৰিয়ালৰ সৈতে এসাঁজ খাই আনন্দ উপভোগ কৰা লগতে গাভৰু দলঙৰ সৌন্দৰ্য আৰু মনোমোহা পৰিৱেশ উপভোগ কৰিবলৈ সকলোৱে এভুমুকি মাৰিব পাৰিব গাভৰু দলঙলৈ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ
