নতুন দিল্লী, ০৬ জানুৱাৰী (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শুকুৰবাৰে নিশা পুৰুষৰ টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণৰ সময়সূচী ঘোষণা কৰিছে। ২০২৪ চনৰ ১ জুনৰ পৰা ২৯ জুনলৈ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ সহযোগত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ।
আই চি চিৰ পুৰুষৰ টি-২০ ইভেণ্টত অভিলেখ সংখ্যক ২০টা দলক চাৰিটা গ্ৰুপত ভাগ কৰা হ’ব, ইয়াৰ মাজত ৫৫খন মেচ অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাত সহ-আয়োজক ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ লগতে আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, কানাডা, ইংলেণ্ড, ভাৰত, আয়াৰলেণ্ড, নামিবিয়া, নেপাল, নেদাৰলেণ্ড, নিউজিলেণ্ড, ওমান, পাকিস্তান, পাপুয়া নিউ গিনি (পিএনজি), স্কটলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা আৰু উগাণ্ডা দলে অংশগ্ৰহণ কৰিব।
গ্ৰুপ এত ভাৰত, পাকিস্তান, আয়াৰলেণ্ড, কানাডা আৰু আমেৰিকাৰ দল আছে, আনহাতে গ্ৰুপ বিত ইংলেণ্ড, অষ্ট্ৰেলিয়া, নামিবিয়া, স্কটলেণ্ড আৰু ওমানৰ দল আছে। গ্ৰুপ চিত নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ, আফগানিস্তান, উগাণ্ডা আৰু পাপুয়া নিউগিনি, গ্ৰুপ ডিত দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, বাংলাদেশ, নেদাৰলেণ্ড আৰু নেপাল আছে।
প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখনত ১ জুন শনিবাৰে ডালাছৰ গ্ৰেণ্ড প্ৰেৰি ক্ৰিকেট ষ্টেডিয়ামত কানাডাৰ বিৰুদ্ধে আমেৰিকাই খেলিব আৰু ২ জুন দেওবাৰে গায়ানা নেশ্যনেল ষ্টেডিয়ামত পাপুয়া নিউ গিনিৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজে অভিযান আৰম্ভ কৰিব।
ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বিতা খন বিশ্বৰ অন্যতম প্ৰতিষ্ঠিত চহৰত অনুষ্ঠিত হ’ব, য’ত ৯ জুন দেওবাৰে নিউয়ৰ্কত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিব। এই মেচখন ডাউনটাউন মানহাটানৰ পৰা মাত্ৰ ৩০ মাইল পূবে নিউয়ৰ্কৰ নাছাউ কাউন্টিৰ ৩৪ হাজাৰ আসনৰ অত্যাধুনিক মডিউলাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । আয়োজনস্থলীত ৮খন খেল অনুষ্ঠিত হ’ব।
যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডে ৪ জুন মঙলবাৰে বাৰ্বাডোছত স্কটলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ বিপৰীতে ২০২২ চনৰ ফাইনেলিষ্ট পাকিস্তানে ৬ জুন বৃহস্পতিবাৰে ডালাছত আমেৰিকাৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব।
গ্ৰুপ পৰ্যায়ৰ ব্লকবাষ্টাৰ মেচসমূহৰ ভিতৰত অনুৰাগীসকলে ৩ জুন সোমবাৰে নিউয়ৰ্কত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শ্ৰীলংকাৰ খেল প্ৰত্যক্ষ কৰিব, আনহাতে ৮ জুন শনিবাৰে বাৰ্বাডোছত ইংলেণ্ডে চিৰ প্ৰতিদ্বন্দ্বী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব। আন এখন বহু প্ৰত্যাশিত খেলত ১২ জুন বুধবাৰে ট্ৰিনিদাদ এণ্ড ট’বাগোৰ ব্রায়ান লাৰা ক্ৰিকেট একাডেমীত নিউজিলেণ্ডৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজে খেলিব ৷
প্ৰথমবাৰৰ বাবে কোৱালিফায়াৰত অংশগ্ৰহণ কৰা উগাণ্ডাই ৩ জুন সোমবাৰে গুয়ানাত আফগানিস্তানৰ বিৰুদ্ধে আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপৰ প্ৰথমখন খেল খেলিব। ২০১৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰা নেপালে ফ্ল’ৰিডাৰ ল’ডাৰহিলৰ ব্ৰ’ৱাৰ্ড কাউন্টি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া চাৰিখন মেচৰ ভিতৰত এখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব।
গ্ৰুপ পৰ্যায় সম্পূৰ্ণ হোৱাৰ পিছত চাৰিটা গ্ৰুপৰ প্ৰতিটোৰ পৰা শীৰ্ষ দুটা দলে প্ৰতিযোগিতাখনৰ ছুপাৰ আঠ পৰ্যায়লৈ আগবাঢ়িব। প্ৰথম ৰাউণ্ডত নিজৰ গ্ৰুপৰ প্ৰথম আৰু দ্বিতীয় স্থানপ্ৰাপ্ত দলে ছুপাৰ আঠত সেই স্থান ধৰি ৰাখিব, যদিহে তেওঁলোকে যোগ্যতা অৰ্জন কৰে। কেৰিবিয়ানৰ জনপ্ৰিয় পৰ্যটনস্থলী এন্টিগুয়া আৰু বাৰ্বুডা, বাৰ্বাডোছ, ছেইণ্ট লুচিয়া আৰু ছেইণ্ট ভিনচেণ্ট এণ্ড গ্ৰেনাডাইনছত অনুষ্ঠিত হ’ব ছুপাৰ আঠৰ মেচসমূহ।
ছুপাৰ আঠৰ প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ক্ৰমে ২৬ জুন বুধবাৰ আৰু ২৭ জুন বৃহস্পতিবাৰে ক্ৰমে গুয়ানা আৰু ট্ৰিনিদাদ এণ্ড ট’বাগোত অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেলত প্ৰৱেশ কৰিব। ২৯ জুন শনিবাৰে বাৰ্বাডোছৰ কেনচিংটন অভালত অনুষ্ঠিত হ’ব ফাইনেল খেলখন।
হিন্দুস্থান সমাচাৰ/ সুনীল/মনোজ
