গুৱাহাটী, ০২ নৱেম্বৰ(হি.স.) গুৱাহাটী মহানগৰীত সংঘটিত এটা ভয়াৱহ ঘটনাত এগৰাকী মহিলাক শহুৰেকৰ পৰিয়ালে শৰীৰত কেৰাচিন তেল ঢালি অগ্নি সংযোগ কৰি হত্যা কৰাৰ প্ৰচেষ্টা চলোৱা বুলি অভিযোগ উত্থাপিত হৈছে। সৌভাগ্যক্ৰমে শহুৰেকৰ পৰিয়ালৰ প্ৰচেষ্টাটো বিফল হয়। মহানগৰীৰ বাঘৰবাৰী অঞ্চলৰ পুবেৰুণ পথত উক্ত ঘটনাটো সংঘটিত হয়।সূত্ৰ অনুসৰি শাহুৱেকে মহিলা গৰাকীৰ সোণৰ আঙঠিটো চুৰি কৰাৰ অভিযোগত দুয়োৰে মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয়।
সৌভাগ্যক্ৰমে মহিলা গৰাকীয়ে শাহুৱেকৰ কবলৰ পৰা সাৰি আহি সাতগাঁও আৰক্ষী থানাত উপস্থিত হয় আৰু তাতেই তেওঁ নিজৰ সকলো কষ্টৰ বৰ্ণনা কৰে। তেওঁৰ স্বামী হীৰক জ্যোতি পাঠকো এই ভয়ংকৰ কাণ্ডৰ সৈতে জড়িত বুলি জানিবলৈ দিয়ে।
ঘটনা সন্দৰ্ভত অভিযুক্ত স্বামী আৰু শাহুৱেকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। সোণৰ আঙঠি চুৰিৰ অভিযোগ আৰু তাৰ পিছত শাহুৱেকৰ পৰিয়ালে কৰা হিংসাত্মক কাৰ্যৰ আঁৰৰ উদ্দেশ্য কি সেয়া বৰ্তমান আৰক্ষী অনুসন্ধান কৰি আছে।
হিন্দুস্থান সমাচাৰ/ৰমেন/মনোজ
