বঙাইগাঁও, ২৮ ডিছেম্বৰ(হি.স.)। অহা ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰী লৈ অভয়াপুৰীত আৰম্ভ হ’ব সোণালী বান্দৰ মহোৎসৱ। অস্তিত্বৰ সংকটত পৰা সোণালী বান্দৰৰ সংৰক্ষণ আৰু সজাগতাৰ বাবে প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই মহোৎসৱৰ।
অভয়াপুৰীৰ চৌটাকীত হ’ব লগা এই মহোতসৱৰ বাবে এতিয়া উখল মাখল পৰিৱেশ চৌদিশে। প্ৰায় ৩০০ মহিলা যুৱতীয়ে আখৰা চলাইছে কোচ ৰাজবংশী সকলৰ পৰম্পৰাগত কুশান নৃত্যৰ। ইয়াৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ কলা-সংস্কৃতি আৰু খাদ্যভ্যাস প্ৰতিফলিত কৰা হ’ব উক্ত মহোৎসৱত। পাঁচ দিনীয়া উক্ত মহোতসৱৰ কাৰ্যসূচীৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জুবিন গাৰ্গ, নীতিমোহন আৰু আচুৰ্য বৰপাত্ৰ গোঁহাইয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/মনোজ
