দক্ষিণ শালমাৰা মানকাচৰ, ১০ জুলাই (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত পেঞ্চনৰ কাম কৰি দিয়াৰ নামত ব্যাপক অনিয়ম চলি থকাৰ অভিযোগ উঠিছে । টকা নিদিলে কাম নকৰাৰ অভিযোগ ভুক্তভোগী পেঞ্চনধাৰী শিক্ষকৰ। উৎকোচ নিদিলে পেঞ্চনধাৰী শিক্ষক শিক্ষয়িত্ৰী সকলৰ কোনো ধৰণৰ কাম নহয় বুলি পেঞ্চনধাৰী শিক্ষক সকলে অভিযোগ উত্থাপিত কৰে। এই সন্দৰ্ভত অৱসৰপ্ৰাপ্ত শিক্ষক হজৰত আলী আহমেদে কয় যে প্ৰতিটো পেঞ্চনৰ কামৰ নামত ৫০ হেজাৰ পৰা ১ লাখ টকাকৈ উৎকোচ দি পেঞ্চনৰ কাম কৰিব লাগে অন্যথায কোনো কাম নহয় বুলি অভিযোগ উত্থাপিত কৰিছে।
এই সন্দৰ্ভত জিলা আয়ুক্তক অভিযোগ দিছে যদিও কোনো ধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে পেঞ্চন ভোগী সকলে মানকাচৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ছামিউল হক সৰকাৰ, বিদ্যালয় উপ পৰিদৰ্শক যুগল চন্দ্ৰ দাস, জ্যেষ্ঠ সহায়ক খনিন্দ্ৰ চন্দ্ৰ দাস আৰু অবসৰপ্ৰাপ্ত উপ পৰিদৰ্শক শুনিল কুমাৰ সৰকাৰৰ বিৰুদ্ধে খাৰুৱাবান্ধা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰেছে আৰু সিহঁতৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। এই সন্দৰ্ভত কালি বিয়লি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অৱসৰপ্ৰাপ্ত সকলো শিক্ষক শিক্ষয়িত্ৰী সকলে বিভিন্ন দাবীৰ বাবে হাটশিঙিমাৰীত অৱস্থিত হাজি মুছাফিৰ খানাত বিশেষ এখন সাধাৰণ সভা অনুষ্ঠিত বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
