ইম্ফল, ২৪ ডিছেম্বৰ (হি.স.): মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। আজি আৰক্ষীয়ে দিয়া এক আনুষ্ঠানিক তথ্য অনুসৰি, মণিপুৰৰ ইম্ফল পশ্চিম আৰু কাংপোকপি জিলাৰ সীমান্ত আৰু সংবেদনশীল এলেকাত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে।
কাংপোকপি জিলাৰ পৰা এটা একে ৫৬, এটা একক বেৰেল বন্দুক, দুখন একে ৫৬ মেগাজিন, ৪০ টা ৭.৬২ মিমি (এ কে ৫৬) গোলাবাৰুদ, এণ্টেনাৰ সৈতে এটা আৰএছ, তিনিটা নম্বৰ ৩৬ হেণ্ড গ্ৰেনেড, তিনিটা ইম্প্ৰুভাইজড গ্ৰেনেড (দেশীয় নিৰ্মিত), আৰু ১০ টা খালী লাথোড শেল উদ্ধাৰ কৰা হয়। সুৰক্ষা বাহিনীৰ অভিযান অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ/শ্ৰীপ্ৰকাশ/মনোজ
