– উপ-মুখ্যমন্ত্ৰী অৰুণ সাও আৰু বিজয় শৰ্মাৰো শপত গ্ৰহণ
ৰায়পুৰ, ১৩ ডিছেম্বৰ (হি.স.)। ছত্তীশগড়ত আজি বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বিষ্ণুদেৱ ছাইয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ লগে লগে বিষ্ণুদেৱ ছাই ছত্তীশগড়ৰ চতুৰ্থ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। এই উপলক্ষে ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দনেও অৰুণ সাও আৰু বিজয় শৰ্মাক ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়।
ৰাজধানী ৰায়পুৰৰ বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় সামাজিক ন্যায় ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠাৱালে, ৰাজ্যসভাৰ সাংসদ জে পি নাড্ডা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰসিং ধামী, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোড সাৱন্ত, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা বিশেষভাৱে উপস্থিত আছিল ।
এই উপলক্ষ্যত ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দনে অৰুণ সাও আৰু বিজয় শৰ্মাক ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায়। এই কাৰ্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী ড° ৰমন সিং আৰু ভূপেশ বাঘেল, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী টি. সিংদেৱ, প্ৰাক্তন সাংসদ ওম মাথুৰ, অন্যান্য জনপ্ৰতিনিধিৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকে। এই কাৰ্যসূচী পৰিচালনা কৰে মুখ্য সম্পাদক অমিতাভ জৈনে।
হিন্দুস্থান সমাচাৰ/গেবেন্দ্ৰ/মনোজ
