নতুন দিল্লী, ২০ অক্টোবৰ (হি.স.)। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি (শুকুৰবাৰে) প্রথমখন হাই স্পীড ৰেপিড ৰে’ল ‘নমো ভাৰত’ দেশবাসীলৈ অৰ্পন কৰিব ৷ তেওঁ ৰাতিপুৱা ১১ বজাত দিল্লী-মেৰঠ পথৰ প্ৰথম পৰ্যায়ত সাহিবাবাদ-দুহাই খণ্ড (ৰিজনেল ৰেপিড ট্ৰেনজিট চিষ্টেম (আৰ আৰ টি এছ) উদ্বোধন কৰিব। এই খণ্ড ১৭ কিলোমিটাৰ দুৰত্বৰ। ইয়াৰ লগতে কিছুদিনৰ পাছত দিল্লী আৰু মেৰঠ পথত ৰে’লযোগে যাত্ৰা কৰা যাত্ৰীসকলৰ যাত্ৰা সহজ হৈ পৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাহিবাবাদত হাই স্পীড ৰেপিড ৰে’ল ‘নমো ভাৰত’ৰ শুভাৰম্ভৰ কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। এই তীব্ৰবেগী ৰেলগাড়ীখনক ‘বন্দে ভাৰত’ৰ আৰ্হিত ‘নমো ভাৰত’ নামেৰে নামাকৰণ কৰা হৈছে। দিল্লী-মেৰঠ পথত এই প্ৰকল্পৰ পাঁচটা পৰ্যায় আছে। উদ্বোধনৰ পূৰ্বে এই ৰে’লখনৰ পৰীক্ষণ (ট্ৰাইল ৰান) কৰা হৈছে। ই ঘণ্টাত ১৫২ কিলোমিটাৰতকৈ অধিক গতিৰ পৰিসংখ্যা লাভ কৰে।
উদ্বোধনীৰ পিছত কাইলৈৰ পৰা আৰম্ভ হ’ব এই তীব্ৰবেগী ৰে’ল সেৱা। ৰেপিড ৰে’ল পৰিচালনাৰ বাবে গঠন কৰা হৈছে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগম (এনচিআৰটিচি)। এনচিআৰটিচি কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ ৰাজ্যৰ যৌথ কোম্পানী। এই প্ৰকল্পৰ কাম ২০১৯ চনৰ জুন মাহৰ পৰা আৰম্ভ হৈছিল। প্ৰকল্পটোৰ বাকী পৰ্যায়সমূহ সম্পূৰ্ণ কৰাৰ অন্তিম তাৰিখ ২০২৫ চনৰ জুন মাহত নিৰ্ধাৰণ কৰা হৈছে।
আজিৰ পৰা আৰম্ভ হোৱা প্ৰথম খণ্ডত সাহিবাবাদ-দুহাই ডিপোৰ মাজত পাঁচটা ষ্টেচন আছে। এইসমূহৰ নাম হৈছে সাহিবাবাদ, গাজিয়াবাদ, গুলধৰ, দুহাই আৰু দুহাই ডিপো। নিগমে দাবী কৰিছে যে এয়া হ’ব ভাৰতৰ প্ৰথম এনে ৰে’ল ব্যৱস্থা, য’ত ৰে’লখন ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত চলিব। লগতে যাত্ৰীসকলে মোবাইল ফোন আৰু কাৰ্ডৰ জৰিয়তে টিকট ক্ৰয় কৰিব পাৰিব। ষ্ট্ৰেচাৰটো ৰে’ল ডবাৰ শেষৰ ডবাত থাকিব। যদি কোনো ৰোগীক মেৰঠৰ পৰা দিল্লীলৈ ৰেফাৰ কৰা হয়, তেন্তে তেওঁৰ বাবে সুকীয়া কোচৰ ব্যৱস্থা কৰা হয়। যাতে কম খৰচত ৰোগীক গন্তব্য স্থানলৈ পঠিয়াব পৰা যায়। এই ৰে’লখনত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে পৃথক পৃথক আসন সাজু কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
