১৯৫১ চনৰ ২১ অক্টোবৰত ড° শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰে। এই সংগঠনটোৱেই ভাৰতীয় ৰাজনীতিত সোঁপন্থী মতাদৰ্শক প্ৰতিনিধিত্ব কৰা আগশাৰীৰ দল হৈ পৰিল। জনসংঘৰ উদ্দেশ্য আছিল ভাৰতীয় সংস্কৃতি, জাতীয় ঐক্য, স্বদেশী মনোভাৱৰ ওপৰত ভিত্তি কৰি ৰাজনীতিৰ প্ৰসাৰ ঘটোৱা।
ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰভাৱৰ বিকল্প হিচাপে এই দল গঠন কৰা হৈছিল। পিছলৈ ১৯৭৭ চনত জৰুৰীকালীন অৱস্থাৰ পিছত ভাৰতীয় জনসংঘ, জন লোকদল, আদি দলসমূহ একত্ৰিত হৈ ভাৰতীয় জনতা পাৰ্টি গঠন কৰে।
ভাৰতীয় জনসংঘই ভাৰতীয় ৰাজনীতিত জাতীয়তাবাদ, ঐক্য, আত্মনিৰ্ভৰশীলতাৰ মনোভাৱ সুদৃঢ় কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।
গুৰুত্বপূৰ্ণ পৰিঘটনা-
১২৯৬ – আলাউদ্দিন খিলজীয়ে দিল্লীৰ সিংহাসনত আৰোহণ কৰে।
১৫৫৫ – ইংলেণ্ডৰ সংসদে ফিলিপক স্পেইনৰ ৰজা হিচাপে স্বীকৃতি দিবলৈ অস্বীকাৰ কৰে।
১৭২৭ – ৰাছিয়া আৰু চীনে সীমান্ত শুধৰণিৰ বাবে চুক্তি স্বাক্ষৰ কৰে।
১৮৫৪ – ফ্লৰেন্স নাইটিংগেলক ৩৮ গৰাকী নাৰ্ছৰ কৰ্মচাৰীৰে ক্ৰিমিয়া যুদ্ধলৈ পঠিওৱা হয়।
১৮৭১ – আমেৰিকাত (নিউয়ৰ্ক) প্ৰথম অপেশাদাৰী আউটড’ৰ এথলেটিক খেল অনুষ্ঠিত হয়।
১৯১৮ – মাৰ্গাৰেট ওৱেনে ১ মিনিটত ১৭০ ভিপিএম টাইপিং গতিৰে বিশ্ব অভিলেখ গঢ়িছিল।
১৯৩৪ – জয়প্ৰকাশ নাৰায়ণে কংগ্ৰেছ ছ’চিয়েলিষ্ট পাৰ্টি গঠন কৰে।
১৯৩৪ – নেতাজী সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰত আজাদ হিন্দ ফৌজ প্ৰতিষ্ঠা কৰে।
১৯৩৪ – জয়প্ৰকাশ নাৰায়ণে কংগ্ৰেছ ছ’চিয়েলিষ্ট পাৰ্টি গঠন কৰে।
১৯৪৫ – ফ্ৰান্সৰ মহিলাসকলে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰে।
১৯৪৮ – ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ ধ্বংস কৰাৰ প্ৰস্তাৱ ৰাষ্ট্ৰসংঘই নাকচ কৰে।
১৯৫০ – বেলজিয়ামত মৃত্যুদণ্ড বিলুপ্ত কৰা হয়।
১৯৫১ – ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা হয়।
১৯৫৪ – ভাৰত আৰু ফ্ৰান্সে পণ্ডিচেৰী, কৰিকাল, আৰু মাহেক ভাৰতীয় গণৰাজ্যত একত্ৰিত কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰে। এই চুক্তি ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হৈছিল।
১৯৭০ – নৰ্মান ই বৰলাউগক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।
১৯৯৯ – সুকাৰ্ণোৰ কন্যা মেগাৱাটি ইণ্ডোনেছিয়াৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
২০০৩ – চীন আৰু পাকিস্তানে নৌসেনাৰ অনুশীলন আৰম্ভ কৰে। 4B কেৰিয়াৰ ৰকেটৰ পৰা চীনে দুটা উপগ্ৰহ উৎক্ষেপণ কৰে।
২০০৫ – পাকিস্তানত দলবদ্ধ ধৰ্ষণৰ বলি হোৱা মুখতাৰন মাইক ‘বছৰৰ মহিলা’ হিচাপে নিৰ্বাচিত হয়।
২০০৭ – ভাৰতীয়-আমেৰিকান ববি জিণ্ডালে আমেৰিকাৰ লুইজিয়ানাৰ গৱৰ্ণৰ পদ লাভ কৰে।
২০০৮ – ৬১ বছৰৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত কাৰাৱা-ই-তিজাচ আৰম্ভ হয়।
২০১২ – ছাইনা নেহৱালে ডেনমাৰ্ক অ’পেন ছুপাৰ ছিৰিজৰ খিতাপ দখল কৰে।
২০১৩ – কানাডাৰ সংসদে মালালা ইউছুফজাইক কানাডাৰ নাগৰিকত্ব প্ৰদান কৰে।
২০১৪ – প্ৰখ্যাত পেৰালিম্পিক দৌৰবিদ অস্কাৰ পিষ্টোৰিয়াছক তেওঁৰ প্ৰেমিকা ৰিভা ষ্টিনকেম্পক হত্যা কৰাৰ অপৰাধত পাঁচ বছৰৰ কাৰাদণ্ড বিহা হয়।
জন্ম-
১৯৩৯ – হেলেন – বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী।
১৯৩৭ – আজিৰ দিনটোতে ফাৰুক আব্দুল্লা – ভাৰতৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
১৯৩১ – শম্মি কাপুৰ – বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেতা।
১৯২৫ – সুৰজিৎ সিং বৰ্ণালা – শিৰোমণি আকালি দলৰ ৰাজনীতিবিদ আৰু পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
১৯৫৭ – অশোক লাভাছা – ভাৰতৰ প্ৰাক্তন নিৰ্বাচন আয়ুক্ত।
১৮৮৯ – কাশীনাথ নাৰায়ণ দীক্ষিত – ভাৰতীয় পুৰাতত্ত্বৰ পণ্ডিত।
১৮৮৭ – আজিৰ দিনটোতে কৃষ্ণ সিং – বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী।
১৮৩০ – নৈন সিং ৰাৱট – হিমালয়ৰ অঞ্চল অন্বেষণ কৰা প্ৰথম ভাৰতীয়।
মৃত্যু-
২০১২ – যশ চোপ্ৰা – ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক-পৰিচালক।
১৯৯৮ – অজিত – ভাৰতীয় হিন্দী চিনেমাৰ বিখ্যাত অভিনেতা।
গুৰুত্বপূৰ্ণ দিন-
-আৰক্ষী স্মৃতি দিৱস।
-বিশ্ব আয়’ডিনৰ অভাৱ দিৱস।
-আজাদ হিন্দ ফৌজ প্ৰতিষ্ঠা দিৱস।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
