

মৰিগাঁও, ১৩ ডিচেম্বৰ (হি.স.)। জাগীৰোডৰ মাজমজিয়াত আজি দিন-দুপৰতে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। ভাৰতীয় ষ্টেট বেংক জাগীৰোড শাখাৰ সন্মুখৰ পৰাই লুটি লৈ গ”ল দুই লাখ টকা।
জানিব পৰা মতে জাগীৰোড সমীপৰ ধৰমতুলৰ ৰে”ল বিভাগৰ কৰ্মচাৰী বিপুল মেধি নামৰ লোকজনে বেংকৰ পৰা উলিয়াইছিল নিজৰ ধনখিনি। ধন ভৰ্তি বেগটো নিজৰ চাৰিচকীয়া বাহনৰ চিটত থৈ গাড়ী চলাব লওতেই এজন অচিনাক্ত দুৰ্বৃত্তই ধন পৰি যোৱা বুলি কোৱাত লোকজনে সেই স্থানত দৃষ্টি দিওঁতে টকাৰ বেগ লৈ উধাও হয় ডকাইতৰ দলটো।
ডকাইতিৰ বলি হোৱা লোকজনে জনোৱা অনুসৰি অন্য সহযোগীও আছিল ডকাইতি সংঘটিত কৰা লোকজনৰ সৈতে। ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হৈ চিচিটিভি ফুটেজ প্ৰত্যক্ষ কৰি তদন্ত আৰম্ভ কৰিছে। দিন-দুপৰতে সদাব্যস্ত জাগীৰোডৰ শুকান মাছ বজাৰৰ সমীপতে সংঘটিত এই চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ জাগীৰোড চহৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ/নাৰায়ণ/আলোক.
