
গোলাঘাট, ২৩ নৱেম্বৰ (হি স)। শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাত্ৰ আৰু দুটা দিন আছে । ৰাস উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যবাসী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পী, কলা-কুশলীসকল ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত । মোহময়ী অভিনেত্ৰী ভ্ৰান্তি মেধিও ব্যস্ত হৈছে ৰাসৰ আখৰাত।
গোলাঘাটৰ আধাৰসত্ৰত যশোদাৰ চৰিত্ৰ ৰূপায়ন কৰিব অভিনেত্ৰীগৰাকীয়ে । অহা ২৮ নবেম্বৰত ৪৩ সংখ্যক আধাৰসত্ৰ ৰাস উৎসৱৰ মুখ্য আকৰ্ষণ ভ্ৰান্তি মেধি ৷ আনহাতে ২৯ নৱেম্বৰত আধাৰসত্ৰৰ ৰাসত অভিনয় কৰিব অভিনেত্ৰী ৰিম্পী দাসে । ৰাসৰ বাবে আখৰাত ব্যস্ত হৈ পৰিছে জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধি । খোল-তাল-বাঁহীৰ সুমধুৰ শব্দত যুৱক-যুৱতী সকলৰ সৈতে আধাৰসত্ৰত ৰাসৰ আখৰা কৰিছে অভিনেত্ৰী গৰাকীয়ে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
