কোকৰাঝাৰ, ২০ ছেপ্টেম্বৰ (হি.স.): হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ ৰাজ্য। প্ৰিয় শিল্পী গৰাকীক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে সকলো। সমান্তৰাল ভাৱে পৰ্বতঝোৰা প্ৰেছ ক্লাবতো যোৱাকালি শুকুৰবাৰে সন্ধিয়াৰ ভাগত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।
পৰ্বতঝোৰা প্ৰেছ ক্লাবৰ সৌজনত প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক, শিক্ষক , আৰক্ষী বিষয়াৰ লগতে প্ৰায় শতাধিক লোকে মৰমৰ শিল্পীজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । গজ বন্তি প্ৰজ্বলন কৰি পৰ্বতঝোৰা প্ৰেছ ক্লাবৰ অস্থায়ী কাৰ্যালয়ত খ্যাতনমা শিল্পী গৰাকীলৈ বিশেষ শ্ৰদ্ধাঞ্জলিৰ জ্ঞাপন কৰা হয়।অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে শিল্পী গৰাকীক। আজিও যেন জীয়াই আছে সকলোৰে মৰমৰ হাৰ্থ থৰ্ব জুবিন কোনেও মানি ল’ব পৰা নাই এইগৰাকী হিয়া আমঠো জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ। তেওঁ কেৱল নৱ প্ৰজন্মৰে হাৰ্থ থ্ৰব নহয় শিশুৰ পৰা বৃদ্ধ লৈকে আছিল সকলোৰে মৰমৰ জুবিন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
