ধেমাজি, ২২ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক কঠোৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ ৷ ধেমাজিত জলজীৱন মিছনৰ দূৰ্নীতিৰ চিবিআইৰ তদন্ত দাবী কৰি ধেমাজি কংগ্ৰেছে কৰা প্ৰতিবাদী সমদলত অংশ লৈ প্ৰধান মন্ত্ৰী মোদীৰ দুদিনীয়া অসম ভ্ৰমণৰ সময়চোৱাত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম এবাৰো উচ্চাৰণ নকৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ জুবিন ক্ষেত্ৰলে নোযোৱাক আৰু জুবিন গাৰ্গৰ পৰিয়ালক এবাৰ সাক্ষাৎ নকৰাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমৰ আবেগ অনুভূতিক লৈ কঠোৰ সমালোচনা কৰে ৷
আনহাতে বাংলাদেশত সংখ্যালঘুৰ ওপৰত বৰ্বৰ আক্ৰমণক তীব্ৰ নিন্দা কৰি সাংসদ গৌৰৱ গগৈয়ে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে চুবুৰীয়া দেশখনত হোৱা ভাৰত বিদ্বেষী কাণ্ডৰ বাবে দেশখনৰ লগত আলোচনা কৰাৰ আহ্বান জনায় কেন্দ্ৰীয় চৰকাৰক ৷ জলজীৱন মিছনত প্ৰথম ধেমাজিতে দূৰ্নীতিৰ সূত্ৰপাত হোৱা বুলি কৈ সাংসদ গৰাকীয়ে ধেমাজিৰ পৰাই ৰাজ্য জুৰি আন্দোলন আৰম্ভ হোৱা বুলি প্ৰকাশ কৰি জলজীৱন মিছনৰ চিবিআইৰ তদন্তৰ দাবী কৰে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
