কামৰূপ, ২২ নৱেম্বৰ (হি.স.)। ৰাজ্য চৰকাৰে চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ সেৱাৰ গুণগত মাণদণ্ড নিৰীক্ষণ কৰাৰ লক্ষ্যৰে ২০ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে স্বাস্থ্য সেৱা উৎসৱ ২ কাৰ্যসূচী । এই উপলক্ষে বুধবাৰে ৰঙিয়াৰ আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত স্বাস্থ্য সেৱা পৰ্যৱেক্ষণ কৰাৰ লক্ষ্যৰে পুৱাৰ ভাগত অসম আৰক্ষীৰ স্পেচিয়েল ডি জি পি হৰমিত সিং উপস্থিত হয় । লগতে উপস্থিত থাকে মহকুমা মিন বিষয়া অবনী ডেকা আৰু জি এম চি হাস্পটালৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰী চিকিৎসক ডাঃ হান্নাহ লোকৰাম ।
আৰক্ষী বিষয়া গৰাকী চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত উপ অধিক্ষক নৱনীতা বৰাই ফুলাম গামোচা আৰু জাপিৰে আদৰণি জনায় । চিকিৎসালয় খনত প্ৰবেশ কৰি আৰক্ষী বিষয়া গৰাকীয়ে প্ৰথমে নিৰ্মাণৰত অৱস্থাত থকা আই চি ইউ কক্ষটো পৰিদৰ্শন কৰে আৰু কাম কাজ সম্পৰ্কে বুজ লয় । তাৰপিছত পৰিদৰ্শনকাৰী দলটোৱে চিকিৎসালয় খনৰ প্ৰতিটো কক্ষ , ডাইলেচিছ চেণ্টাৰ , বহিঃবিভাগ , ফাৰ্মাচী আদি সকলো তন্ন তন্নকৈ নিৰীক্ষণ কৰে । লগতে চিকিৎসালয়ৰ চিকিৎসক , কৰ্মী তথা ৰোগীৰ সৈতেও এক বাৰ্তালাপত মিলিত হয় আৰক্ষী বিষয়া গৰাকী । পৰিদৰ্শনৰ পিছত সকলোৱে উপ অধিক্ষক নৱনীতা বৰাৰ কক্ষত এক বৈঠকত মিলিত হয় । বৈঠকত চিকিৎসালয় কৰ্তৃপক্ষই পৰ্যবেক্ষণকাৰী দলটোক বিভিন্ন অভাৱ অভিযোগ সম্পৰ্কে অৱগত কৰে । বৈঠকৰ অন্তত দলটোৱে চিকিৎসালয় খনৰ পৰা বিদায় লয় ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
