




তিনিচুকীয়া, ১৬ নৱেম্বৰ: সমগ্ৰ দেশৰ লগতে শদিয়া মহকুমাটৌ মহকুমা প্ৰশাসন,মহকুমা তথ্য আৰু জনসংযোগ বিভাগ আৰু শদিয়া প্ৰেছ ক্লাৱৰ উদ্যোগত আজি ১৬ নবেম্বৰত শদিয়া মহকুমাধিপতি কাৰ্য্যালয়ৰ সভা কক্ষত পুৱা ১০ বজাৰ পৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ কৰা হয় । এই উপলক্ষে আজি মহকুমাধিপতি কাৰ্য্যালয় সভা কক্ষত সহকাৰী আয়ুক্ত পৰ্চিয়া খনিকৰৰ অধ্যক্ষতাত এখনি আলোচনা চক্ৰৰ অনুষ্ঠিত কৰা হয়।
আলোচনা চক্ৰৰ খনৰ মূল বিষয় বস্তু হল কৃত্রিম বুদ্ধিমতাৰ যুগত সংবাদ মাধ্যম । ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আলোচনা চক্ৰ খনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি শদিয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ সুদৰ্শন গগৈয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন সম্পৰ্কে বিতং তথ্য আগবঢ়োৱাৰ লগতে বৈঠকত মহকুমাটোৰ সাংবাদিক বগেন গগৈয়ো প্ৰেছ দিৱসৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়াই এনে ধৰণে অনুষ্ঠান অনুষ্ঠিত কৰাত প্ৰশাসনক তথা চৰকাৰক ধন্যবাদ জনায়। অনুষ্ঠানত সাংবাদিক সকলক সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ পুৰ্বে অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা কৰে সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া পৰ্চিয়া খনিকৰে। আজিৰ অনুষ্ঠানত শদিয়া প্ৰেছ ক্লাবৰ সদস্য সকলৰ লগতে জনসংযোগ বিভাগৰ আয়েজৰ ৰহমান , অভি কুমাৰ গগৈ আৰু মনোজ কুমাৰ বিৰিহাৰো উপস্থিত আছিল বুলি জনসংযোগ বিভাগৰ এক প্ৰেছ বাৰ্তাত প্ৰকাশ কৰা হৈছে।
