
কাছাৰ, ১৭ নৱেম্বৰ : কাছাৰৰ শিলচৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। যোৱা নিশা চহৰৰ হাস্পাতালত ৰোডত এখন চাইকেলৰ গোদামত জুই লাগে। মূহুৰ্তৰ ভিতৰতে জুয়ে ভয়ংকৰ ৰূপ লয় ।
ইফালে কাষতে থকা দুটাকৈ অট্টালিকাৰ কাৰনে জুই বিয়পা নাই । কিন্তু জুই নিয়ন্ত্ৰন কৰিবলৈ কাছাৰৰ বিভিন্ন ঠাইৰ পৰা ২০ খন অগ্নিনিৰ্বাপক গাড়ি আহিব লগা হয় । প্ৰায় ৩ ঘন্টা পাছত জুই নিয়ন্ত্ৰণ আহে । ঘটনাস্থলীত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। এই অগ্নিকাণ্ডৰ কেনেদৰে সূত্ৰপাত ঘটিল সেয়া বৰ্তমানলৈ স্পষ্ট হোৱা নাই ।
