
শিৱসাগৰ, ২০ অক্টোবৰ : শিৱসাগৰ জিলাৰ নাজিৰাৰ বিহুবৰৰ ২নং নেপালীখুটিৰ শিলনীত যোৱাকালি বৃহস্পতিবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। তিলক বৰা নামৰ এজন ব্যক্তিৰ ঘৰৰ সংঘটিত হৈছে এই অগ্নিকাণ্ড । অগ্নি কাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তিৰ লগতে এখন স্কুটী সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ।
বৰ্তমানৰলৈকে কোনো লোক আঘাটপ্ৰাপ্ত হোৱাৰ খবৰ অহা নাই যদিও সমগ্ৰ ২ নং শিল কুৱেৰি অঞ্চলত এটিয়াও এক প্ৰকাৰ তীব্ৰ উত্তেজনাময় পৰিস্থিতয়ে বিৰাজ কৰিছে । অগ্নিকাণ্ডটোত দুটাকৈ ঘৰুৱা ৰন্ধন চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত অধিক ভয়াৱহ হৈ পৰে পৰিস্থিতি । ঘৰুলা বৈদ্যুতিক বিসংগতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ।
উল্লেখযোগ্য যে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপন কৰাৰ পাছতহে ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপন বাহিনীৰ বাহন। সঠিক সময়ত খবৰ দিয়াৰ পাছত উপযুক্ত সময়ত অগ্নি নিৰ্বাপনৰ বাহন উপস্থিত নোহাৱাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে স্থানীয় ৰাইজে।
