নতুন দিল্লী, ২০ অক্টোবৰ (হি.স.)। অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ আঘাতৰ অৱস্থা স্পষ্ট হ’বলৈ আৰু অন্ততঃ এদিন অপেক্ষা কৰিব লাগিব ভাৰতীয় দলটোৱে। বৃহস্পতিবাৰে (১৯ অক্টোবৰ) পুনেত বাংলাদেশৰ ইনিংছত হাৰ্দিকে বাওঁ ভৰিৰ গোৰোহাত মোচোৰা খোৱাপ বাবে মাত্ৰ তিনিটা বলহে বল কৰিব পাৰিছিল।
মেচখনৰ নৱম অভাৰৰ সময়ত আৰু হাৰ্ডিকৰ প্ৰথম অভাৰত, ফ’ল’ থ্ৰুত ভৰিৰে বল ৰখাবলৈ চেষ্টা কৰাৰ সময়তে আঘাতপ্ৰাপ্ত হয়। তেওঁ সহায়ক কৰ্মচাৰীৰ সৈতে লেঙেৰাই লেঙেৰাই খেলপথাৰৰ পৰা ওলাই আহিছিল আৰু অৱশেষত অভাৰটো সম্পূৰ্ণ কৰিছিল বিৰাট কোহলীয়ে।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰিছিল যে পাণ্ডিয়া স্কেনৰ বাবে গৈছিল আৰু ফলাফল ওলাবলৈ বাকী আছে।
ক্ৰিকবাজৰ মতে, স্কেন ৰিপৰ্ট মুম্বাইৰ এজন বিশেষজ্ঞলৈ প্ৰেৰণ কৰা হৈছে, আৰু মুম্বাইৰ চিকিৎসকৰ মূল্যায়নৰ ভিত্তিত পৰৱৰ্তী ব্যৱস্থা নিৰ্ধাৰণ কৰা হ’ব।
স্কেন কৰাৰ পিছত পাণ্ডিয়াই পথাৰলৈ উভতি আহিল। বুজা যায় যে প্ৰয়োজন হ’লে তেওঁক বেটিং কৰিবলৈ পঠিয়াব পৰা গ’লহেঁতেন, যদিও ইয়াৰ কোনো প্ৰয়োজন নাছিল। বাংলাদেশৰ নিৰ্ধাৰিত ২৫৭ ৰানৰ লক্ষ্য সহজেই অৰ্জন কৰি ৭ উইকেটত জয়লাভ কৰে ভাৰতে।
মেচৰ পিছত ৰোহিত শৰ্মাই আঘাতৰ গভীৰতা নম্ৰ কৰি কয়, তেওঁ সামান্য আঘাত পাইছে, চিন্তাৰ কোনো কথা নাই। আমি কাইলৈ পুৱা তেওঁৰ কেনে অনুভৱ চাম আৰু তাৰ পিছত কেনেকৈ আগবাঢ়িব লাগে তাৰ পৰিকল্পনা কৰিম।
হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ/অৰবিন্দ
