মৰিগাঁও, ০৯ নৱেম্বৰ (হি.স.): মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰিয়াবড়ি গাওঁ পঞ্চায়তত পুৰণি কাম দেখুৱাই ধন আত্মসাৎ কৰাৰ ফন্দি পোহৰলৈ আহিছে। পঞ্চায়তটোত এম জি এনৰেগাৰ আঁচনিৰ বাট-পথ, এগ্ৰিবান্ধ, দ ঠাইত মাটিৰে পুৰ কৰা আদি পুৰণি কাম সমূহ নতুনকৈ দেখুৱাই জি আৰ এছ মহিবুৰ ৰহমানে জব কাৰ্ডৰ শ্ৰমিকক ফটো তুলি ডিমাণ্ড দিয়াৰ অভিযোগ উত্থাপিত হৈছে।
পুৰণি কাম সমূহৰ ধন যোৱা বছৰতে উঠোৱাৰ পিছত এইবাৰ পঞ্চায়তটোৰ দালাল প্ৰকৃতিৰ কিছু ব্যক্তিৰ পৰা ভিডিঅ’ গৰাকীয়ে কমিচনৰ অংকত কোনো কাম নকৰাকৈ ধন মোকলাই দিয়াৰ অভিসন্ধি ৰছিচে। পঞ্চায়তটোত প্ৰায় ৭ -৮ টা এমজি এনৰেগা আৰু ফিফটিন ফাইনেন্সৰ আঁচনি কামৰ ওপৰত গা-বন গজি উঠিছে। পঞ্চায়তৰ যিকোনো কাম কৰাৰ পূৰ্বে নামফলক লগোৱাটো বাধ্যতামূলক যদিও গৰিয়াবড়ি গাওঁ পঞ্চায়তত এখনো কামৰ নামফলক লগোৱা নাই।
ইফালে ভিডিঅ’ গৰাকীয়ে পঞ্চায়তটোৰ কেইজনমান মধ্যভোগীৰ যোগেদি কমিচনৰ অংকত পুৰণি কাম খিনি নতুনকৈ দেখুওৱা ধন মোকলাই দিয়াৰ সময়তে স্হানীয় ৰাইজে ভিডিঅ’ গৰাকীয়ে দূৰ্নীতি কৰা বিষয়টো পোহৰলৈ আনে। এই সন্দৰ্ভত স্হানীয় দল সংগঠন তথা ৰাইজে মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰীক এক উচিত তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
