নতুন দিল্লী, ১৬ আগষ্ট (হি.স.)। শুকুৰবাৰে গ্ৰেণ্ড চেছ ট্যুৰ ২০২৫ৰ ছেইণ্ট লুইছ ৰেপিড আৰু ব্লিটজ ইভেণ্টত ভাৰতীয় গ্ৰেণ্ড মাষ্টাৰ ডি গুকেশে যৌথভাৱে ষষ্ঠ স্থান দখল কৰাৰ বিপৰীতে লেভন আৰোনিয়ানে খিতাপ দখল কৰে।
ক্লাছিকেল চেছৰ বর্তমান বিশ্ব চেম্পিয়ন গুকেশে ব্লিটজ ফৰ্মেটৰ প্রথম চাৰিখন খেলত তিনিটা জয় আৰু ড্র’ৰে অন্তিম দিনটো উজ্জ্বলভাৱে আৰম্ভ কৰে৷ কিন্তু একে স্তৰ বজাই ৰাখিব নোৱাৰি ১৮ পইণ্টেৰে দুটা পৰাজয় আৰু তিনিটা ড্ৰ’ৰে প্ৰতিযোগিতাখন সমাপ্ত কৰি ভিয়েটনামৰ লিয়েম লেৰ সৈতে ষষ্ঠ স্থানত সমতা স্থাপন কৰে।
শীৰ্ষ পাঁচটা স্থানত আছে আৰোনিয়ান (২৪.৫ পইণ্ট), ফেবিয়ানো কাৰুয়ানা (২১.৫ পইণ্ট), মেক্সিম ভাচিয়াৰ-লাগ্ৰেভ (২১ পইণ্ট), নোদিৰবেক আব্দুছাট’ৰভ (২০.৫ পইণ্ট) আৰু ৱেছলি ছ’ (১৯ পইণ্ট)।
বিন্যাস
ছেইণ্ট লুইছত অনুষ্ঠিত হোৱা ১০ জনীয়া প্ৰতিযোগিতাখন ৰেপিড শাখাত একক ৰাউণ্ড ৰবিন আছিল, জয়ৰ বাবে ২ পইণ্ট আৰু ড্ৰ’ৰ বাবে এটা পইণ্ট। ৯ ৰাউণ্ডৰ পিছত ব্লিটজ ছেকচন অনুষ্ঠিত হয় – জয়ৰ বাবে এটা পইণ্ট আৰু ড্ৰ’ৰ বাবে ০.৫ পইণ্টৰ সৈতে ডাবল ৰাউণ্ড ৰবিন।
২০২৫ চনৰ গ্ৰেণ্ড চেছ ট্যুৰৰ চতুৰ্থ লেগ আৰু ছিজনৰ অন্তিম ৰেপিড-এণ্ড-ব্লিটজ ইভেণ্ট আছিল ছেইণ্ট লুইছ ৰেপিড এণ্ড ব্লিটজ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
