কুৱেটা (বেলুচিস্তান) পাকিস্তান, ১৬ আগষ্ট (হি.স.)। চলিত বৰ্ষৰ জুন মাহত বেলুচিস্তানৰ মাষ্টুং ঘাঞ্জা ড’ৰীত পাকিস্তানী নিৰাপত্তাৰক্ষীৰ গুলীচালনাত নিহত হোৱা এহছান শ্বাহ নামৰ যুৱক জনৰ মাতৃ আৰিফা শ্বাহ আৰু তেওঁৰ কনিষ্ঠ কন্যাক শুকুৰবাৰে কুৱেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰিফা শ্বাহে দীৰ্ঘদিন ধৰি পুত্ৰৰ ন্যায় বিচাৰি আহিছিল।
আজি দ্য বেলুচিস্তান পোষ্টৰ উৰ্দু সেৱাত সম্প্ৰচাৰিত বাতৰি অনুসৰি কিছুদিন পূৰ্বে আৰিফাক বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰা হৈছিল। কেইদিনমানৰ আগতে উভতি অহাৰ লগে লগে তাই প্ৰকাশ কৰে যে তাইক কুৱেটা আৰক্ষীয়ে তুলি লৈছিল আৰু জিম্মাত হাৰাশাস্তি কৰিছিল। আৰিফা শ্বাহে যোৱা দুসপ্তাহ ধৰি কুৱেটা প্ৰেছ ক্লাবৰ সন্মুখত ধৰ্ণাত বহি পুত্ৰৰ ন্যায় বিচাৰিছিল। শুকুৰবাৰে ধৰ্ণাস্থলীৰ পৰা আৰক্ষীয়ে তেওঁক আৰু তেওঁৰ কনিষ্ঠ কন্যাক জিম্মাত লৈ যায়।
আৰিফা শ্বাহে জিম্মাত থকা অৱস্থাত ধৰ্ণা শেষ কৰিবলৈ, মৌন হৈ থাকিবলৈ আৰু সংবাদ মাধ্যমৰ সৈতে কথা নাপাতিবলৈ সকীয়াই দিয়া বুলিও প্ৰকাশ কৰিছিল। কুৱেটা আৰক্ষী অধীক্ষকে ধৰ্ণা শেষ নকৰিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ব বুলি ভাবুকি দিছিল। মাতৃ-কন্যাক গ্ৰেপ্তাৰ কৰা ঘটনাক তীব্ৰ গৰিহণা দিছে বেলুচ সংহতি সমিতিয়ে। শান্তিপূৰ্ণ প্ৰতিবাদ দমন কৰিবলৈ ফেডাৰেল চৰকাৰ আৰু স্থানীয় চৰকাৰৰ ক্ষমতা ব্যৱহাৰ কৰাটো গ্ৰহণযোগ্য নহয় বুলি সমিতিখনে প্ৰকাশ কৰিছে। স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠন, সাংবাদিক, অধিবক্তা আৰু নাগৰিক সমাজক আৰিফা শ্বাহৰ ন্যায় পাবলৈ আহ্বান জনাইছে কমিটীয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
