লিডছ, ২৩ জুন (হি.স.)। হেডিংলে (লিডছ)ত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা প্ৰথমখন টেষ্ট মেচৰ তৃতীয় দিনটো আছিল প্ৰচণ্ড উত্থান-পতন। যশপ্ৰিত বুমৰাৰ নেতৃত্বত ভাৰতীয় বলাৰসকলে প্ৰথম ইনিংছত ইংলেণ্ডক ৪৬৫ ৰানত আউট কৰে, তাৰ পিছত কে এল ৰাহুলৰ ৪৭ ৰানৰ অপৰাজিত ইনিংছৰ ভিত্তিত ভাৰতে দ্বিতীয় ইনিংছত ষ্টাম্পলৈকে ২ উইকেটত ৯০ ৰান সংগ্ৰহ কৰে। এইদৰে ভাৰতৰ মুঠ অগ্ৰগতি হৈছে ৯৬ ৰান।
ইংলেণ্ডৰ বেটিং ধ্বংস কৰিলে বুমৰাহ
তৃতীয় দিনা ইংলেণ্ডে ২০৯/৩ৰ আগত খেলিবলৈ আৰম্ভ কৰে। অলি পোপে ১০৬ ৰানৰ সুন্দৰ ইনিংছ খেলিছিল যদিও প্ৰসিদ্ধ কৃষ্ণই তেওঁক আগতীয়াকৈ আউট কৰে। ইয়াৰ পিছতে অধিনায়ক বেন ষ্ট’কছে ২০ ৰান সংগ্ৰহ কৰি আউট হয়। হেৰী ব্ৰুক দুটা লাইফ লাভ কৰে আৰু তেওঁ ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰি ৯৯ ৰান সংগ্ৰহ কৰে যদিও শতকৰ এটা ৰান পূৰ্বে প্ৰসিদ্ধ কৃষ্ণৰ বিৰুদ্ধে শ্বাৰদুল ঠাকুৰে ধৰা পেলায়। নিম্ন ক্ৰমত জেমী স্মিথ (৪০) আৰু ক্ৰীছ ৱ’কেছে (৩৮) গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই ইংলেণ্ডে ৪৬৫ ৰান সংগ্ৰহ কৰাত সহায় কৰে।
ভাৰতৰ হৈ সৰ্বাধিক সফল বলাৰ হিচাপে পৰিগণিত হৈছিল যশপ্ৰীত বুমৰাহ। তেওঁ ৫টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰসিদ্ধ কৃষ্ণই ৩টা আৰু মহম্মদ চিৰাজে ২টা উইকেট লাভ কৰে।
ভাৰতীয় ইনিংছত স্থিৰ আৰম্ভণি
প্ৰথম ইনিংছত ৬ ৰানৰ সামান্য অগ্ৰগতিৰে দ্বিতীয় ইনিংছ আৰম্ভ কৰিছিল যদিও অ’পেনাৰ যশস্বী জয়ছোৱালে মাত্ৰ ৪ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে। ইয়াৰ পিছত কে এল ৰাহুল আৰু সাই সুদৰ্শনে ধৈৰ্য্যৰে ৬৬ ৰানৰ অংশীদাৰিত্ব কৰে। অৱশ্যে বেন ষ্ট’কছৰ মাইণ্ড গেমত আবদ্ধ হৈ পৰে সাই সুদৰ্শন। আগৰ বলটোত ফিল্ডাৰজনক ৰখা ঠাইখনত তেওঁ একেবাৰে পিছৰ বলটোত কেচ আউট হয়। তেওঁ ৩০ ৰান সংগ্ৰহ কৰে।
ষ্টাম্পৰ সময়ত কে এল ৰাহুলে ৪৭ ৰান সংগ্ৰহ কৰি ক্ৰীজত থকাৰ বিপৰীতে অধিনায়ক শুভমান গিল ৬ ৰাণেৰে তেওঁৰ সৈতে আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
