নতুন দিল্লী, ১৭ জানুৱাৰী (হি.স.)। ভাৰতীয় টেনিছ খেলুৱৈ সুমিত নাগালে মঙলবাৰে অষ্ট্ৰেলিয়ান অ’পেনৰ প্ৰথম ৰাউণ্ডত জয়লাভ কৰি ১৯৮৯ চনত ৰমেশ কৃষ্ণনৰ পিছত গ্ৰেণ্ড শ্লেমত জ্যেষ্ঠ খেলুৱৈক পৰাস্ত কৰা প্ৰথমজন ভাৰতীয় পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হয়।
এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰাৰ পিছত ভাৰতত প্ৰতিযোগিতাখনৰ আনুষ্ঠানিক সম্প্ৰচাৰক চ’নী স্প’ৰ্টছ নেটৱৰ্কৰ সৈতে হোৱা কথা-বতৰাত তেওঁ যোৱা কেইমাহমানৰ আঘাতৰ সৈতে যুঁজি থকা আৰু ই তেওঁক কেনেদৰে সহায় কৰিছে সেই বিষয়ে কয়, “যোৱা ১২-১৮ মাহ ভাল আৰু বেয়া দুয়োটাই আছিল। আঘাতৰ বাবে বেয়া, আৰু ভাল কাৰণ মোৰ বিৰতিৰ সময়ত বহুত শিকিছিলো। আঘাতৰ পিছত যেতিয়া ক’ৰ্টলৈ উভতি আহিছিলো, তেতিয়া ই মোক এজন ভাল আৰু পৰিপক্ক খেলুৱৈ কৰি তুলিছিল। টেনিছৰ বিষয়ে বহুত শিকিছিলো, ভালকৈ অনুভৱ আৰু বুজিলোঁ, আৰু মই ভাবো ইয়াৰ পৰা কোৰ্ট লাভৱান হৈছে।
বিশ্বৰ ২৭ নং স্থানৰ খেলুৱৈগৰাকীক ষ্ট্ৰেইট ছেটত পৰাস্ত কৰি অকল্পনীয় কৃতিত্ব অৰ্জন কৰাৰ পিছত আগন্তুক খেলখনৰ বাবে নিজৰ প্ৰস্তুতিৰ বিষয়ে সুমিতে কয়, দ্বিতীয় ৰাউণ্ডৰ মেচখনৰ পৰিকল্পনা হ’ল ইয়াক সহজভাৱে লোৱা, কিছু মালিচ লোৱা আৰু অতিৰিক্ত বিশ্ৰাম লোৱা। এইটো মোৰ বাবে অতি স্বাভাৱিক ৰুটিন।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ
