–তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত ডা০ আনন্দ চন্দ্ৰ শৰ্মা স্মাৰক ন্যাসৰ বিশেষ অনুষ্ঠানত এসময়ৰ ক্ৰিকেটৰ ৰঞ্জী খেলুৱৈ আৰু দক্ষ ফুটবল খেলুৱৈ ডা০ আনন্দ চন্দ্ৰ শৰ্মাক বিশিষ্টজনৰ স্মৰণ
শোণিতপুৰ, ১৬ আগষ্ট (হি.স.) । ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্কুল ভলীবলত অসম দলক প্ৰতিনিধিত্ব কৰা আৰু ৰাষ্ট্ৰীয় জুনিয়ৰ মহিলা হকীত অসম দলক প্ৰতিনিধিত্ব কৰা শোণিতপুৰ জিলাৰ আৰ্থিক ভাৱে শোচনীয় পৰিয়ালৰ দুই প্ৰতিভাবান খেলুৱৈক তেজপুৰত আজি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰদান কৰা হয় ডা০ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বঁটা -২০২৫ ।
উল্লেখ্য যে তেজপুৰৰ এসময়ৰ প্ৰথম শ্ৰেণীৰ ফুটবল আৰু ক্ৰিকেট খেলুৱৈ তথা ক্ৰিকেটৰ বাবে অসম চৰকাৰৰ পৰা ২০০৫ -০৬ বৰ্ষত ক্ৰীড়া উৎকৃষ্টতা বঁটা লাভ কৰা এসময়ৰ ক্ৰিকেটৰ ৰঞ্জী ট্ৰফী খেলুৱৈ আৰু ফুটবলত গুৱাহাটী বিশ্ববিদ্যালয়ক আন্ত:বিশ্ববিদ্যালয় প্ৰতিনিধিত্ব কৰা ডা০ আনন্দ চন্দ্ৰ শৰ্মাৰ সোঁৱৰণত পৰিয়ালৰ জৰিয়তে গঢ়ি উঠা ডা০ আনন্দ চন্দ্ৰ শৰ্মা স্মাৰক ন্যাস ৰ সহযোগত বিগত তিনিটা বছৰে তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত প্ৰদান কৰি অহা ডা০ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বঁটা -২০২৫ আজি চতুৰ্থ বাৰৰ বাবে প্ৰদান কৰা হয় ।
তেজপুৰৰ বিজয় চন্দ্র ভাগৱতী আৰু বিমল ভাগৱতী সোঁৱৰণী প্ৰেক্ষাগৃহত এই উদ্দেশ্যে আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত প্ৰবীন ক্ৰীড়াবিদ ডা০ বিশ্বৰঞ্জন কলিতা, প্ৰদীপ ভট্টাচাৰ্য আৰু আন্তঃৰাষ্ট্ৰীয় পাঞ্জা খেলৰ ৰেফাৰী পংকজ কুমাৰ বৰাই ন্যাস দাতা তথা ডা০ আনন্দ চন্দ্ৰ শৰ্মাৰ সহধৰ্মিনী, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা মিনু দেৱী, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি মৃদুল কুমাৰ শৰ্মা, উপ সভাপতি প্ৰদীপ বৰঠাকুৰ, প্ৰেমানন্দ শৰ্মা আৰু সাধাৰণ সম্পাদক জিতেন বৰাৰ জৰিয়তে আৰ্থিক ভাৱে পিছপৰা পৰিয়ালৰ দুই প্ৰতিভাবান ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰক ২৫ হাজাৰ টকাৰ চেক আৰু মানপত্ৰ সহ ডা০ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বঁটা -২০২৫ প্ৰদান কৰি উদ্বুদ্ধ কৰে ।
শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাই আঁত ধৰা আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ কাৰ্যকৰী সভাপতি মৃদুল কুমাৰ শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে বিশিষ্ট ক্ৰীড়াবিদ তথা চিকিৎসক ডাঃ আনন্দ চন্দ্ৰ শৰ্মাৰ কনিষ্ঠ অধিবক্তা পুত্ৰ জয়দীপ শৰ্মাই ক্ৰীড়া অনুৰাগী পিতৃৰ জীৱন পৰিচিতি আলোকপাত কৰে । তিনিগৰাকী অতিথি ক্ৰমে ডা০ বিশ্বৰঞ্জন কলিতা, প্ৰদীপ ভট্টাচাৰ্য্য আৰু পংকজ কুমাৰ বৰাই এই প্ৰয়াসৰ শলাগ লৈ ডা০ আনন্দ চন্দ্ৰ শৰ্মাৰ পৰিয়ালবৰ্গ আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ এনে প্ৰয়াস মহৎ প্ৰয়াস বুলি মন্তব্য কৰি ডা০ আনন্দ চন্দ্ৰ শৰ্মাই একেলগে ক্ৰিকেট আৰু ফুটবল খেলত তেজপুৰৰ পৰা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল বুলি কয় ।
ডা০ আনন্দ চন্দ্ৰ শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ ৰাজদীপ শৰ্মা, আন এগৰাকী পুত্ৰ মনদীপ শৰ্মা, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ বিষয়ববীয়া সুৰজিৎ বৰা, ফুটবল সন্থাৰ সম্পাদক অশ্বিনী বৰাকে ধৰি ক্ৰীড়া ক্ষেত্ৰখনৰ সৈতে জড়িত বিভিন্নজনৰ উপস্থিতিত অনুষ্ঠানটিত এই বঁটা গ্ৰহণ কৰি হাৰিগাঁও পৰোৱা নিবাসী তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ বিবেক বসুমতাৰী আৰু সোণাবিল চাহবাগিছাৰ মজদুৰৰ কন্যা তথা বৈঠা ভঙাৰ জন মেমৰিয়েল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী পূৰ্ণিমা কৰ্মকাৰে সাংবাদিকৰ আগত বঁটাৰ জৰিয়তে লাভ কৰা ধনৰাশিয়ে ক্ৰীড়া ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিব বুলি মন্তব্য কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
