অষ্ট্ৰাভা (চেক গণৰাজ্য), ২৫ জুন (হি.স.)। ভাৰতৰ জেভেলিন থ্ৰ’ তাৰকা তথা বর্তমানৰ বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই মঙলবাৰে ৬৪ সংখ্যক অষ্ট্ৰাভা গোল্ডেন স্পাইক প্ৰতিযোগিতাত পুৰুষৰ জেভলিন থ্ৰ’ৰ খিতাপ দখল কৰে । ই আছিল বিশ্ব এথলেটিকছ কন্টিনেণ্টেল ট্যুৰৰ (গোল্ড লেভেল) এক সন্মানীয় ইভেণ্ট।
তৃতীয় প্ৰচেষ্টাত ৮৫.২৯ মিটাৰ উজ্জ্বল থ্ৰ’ৰে প্ৰথম স্থান দখল কৰে ২৭ বছৰীয়া নীৰজে। দক্ষিণ আফ্ৰিকাৰ ডাউৱে স্মিটে ৮৪.১২ মিটাৰ আৰু গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে ৮৩.৬৩ মিটাৰৰে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।
চলিত ছিজনত নীৰজ চোপ্ৰাৰ এয়া তৃতীয়টো জয়। প্ৰতিযোগিতা আৰম্ভ হয় নীৰজৰ ফাউল থ্ৰ’ৰ জৰিয়তে। দ্বিতীয় প্ৰচেষ্টাত তেওঁ ৮৩.৪৫ মিটাৰ নিক্ষেপ কৰে আৰু তাৰ পিছত তৃতীয় প্ৰচেষ্টাত ৮৫.২৯ মিটাৰ নিক্ষেপ কৰি অগ্ৰগতি লাভ কৰে। ইয়াৰ পিছত তেওঁৰ চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ প্ৰচেষ্টা ক্ৰমে ৮২.১৭ মিটাৰ, ৮১.০১ মিটাৰ আৰু এটা ফাউল।
দক্ষিণ আফ্ৰিকাৰ পটচেফষ্ট্ৰুমত অনুষ্ঠিত হোৱা আমন্ত্ৰণমূলক মিটৰ জৰিয়তে নীৰজে নিজৰ ছিজনৰ আৰম্ভণি কৰিছিল, য’ত তেওঁ ৮৪.৫২ মিটাৰ থ্ৰ’ৰে জয়লাভ কৰিছিল।
ইয়াৰ পাছতে তেওঁ দোহা ডাইমণ্ড লীগত ৯০.২৩ মিটাৰ থ্ৰ’ৰে প্ৰথমবাৰৰ বাবে ৯০ মিটাৰৰ সীমা অতিক্ৰম কৰে, যিটো তেওঁৰ আজিলৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। অৱশ্যে তেওঁ ৯১.০৬ মিটাৰ থ্ৰ’ৰে জয়লাভ কৰা জাৰ্মানীৰ জুলিয়ান ৱেবাৰৰ পিছত স্থান পায়।
পিছত পোলেণ্ডৰ চ’ৰজ’ৰ জানুছ কুছ’চিনস্কি মেম’ৰিয়েলত নীৰজে (৮৪.১৪ মিটাৰ) দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ৱেবাৰে ৮৬.১২ মিটাৰ থ্ৰ’ৰে শীৰ্ষস্থান দখল কৰে। কিন্তু পেৰিছ ডাইমণ্ড লীগত নীৰজে উভতি আহি ৱেবাৰক পৰাস্ত কৰি ৮৮.১৬ মিটাৰ থ্ৰ’ৰে প্ৰথম প্ৰচেষ্টাত খিতাপ দখল কৰে।
এতিয়া নীৰজে পৰৱৰ্তী সময়ত ৫ জুলাইত বেংগালুৰুৰ শ্ৰী কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া নীৰজ চোপ্ৰা ক্লাছিকত অংশগ্ৰহণ কৰিব। এইটো হ’ব ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় জেভেলিন নিক্ষেপ প্ৰতিযোগিতা। নীৰজ চোপ্ৰা, জে এছ ডব্লিউ স্প’ৰ্টছ, এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়া (এ এফ আই) আৰু বিশ্ব এথলেটিকছ (ডব্লিউ এ)ৰ সহযোগত আয়োজন কৰা হৈছে।
ভাৰতত এতিয়ালৈকে অনুষ্ঠিত হ’বলগীয়া এইটোৱেই হ’ব সৰ্বোচ্চ পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ ইভেণ্ট।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
