নতুন দিল্লী, ৩০ অক্টোবৰ (হি.স.)। কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) ফ্ৰেঞ্চাইজিয়ে দলটোৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে প্ৰাক্তন ভাৰতীয় অলৰাউণ্ডাৰ অভিষেক নায়াৰক। ২০২৪ চনৰ খিতাপ বিজয়ী ছিজনকে ধৰি তিনিটা ছিজন দলটোক নেতৃত্ব দিয়া চন্দ্ৰকান্ত পণ্ডিতৰ ঠাইত নাইৰে। বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াযোগে কেকেআৰে এই ঘোষণা কৰে।
চলিত বৰ্ষৰ আৰম্ভণিতে পণ্ডিত আৰু ফ্ৰেঞ্চাইজিৰ মাজত বিচ্ছেদ ঘটিছিল, তাৰ পিছত কেকেআৰে নতুন প্ৰশিক্ষকৰ সন্ধান আৰম্ভ কৰিছিল। নাইৰৰ নিযুক্তিৰ লগে লগে ফ্ৰেঞ্চাইজিটোৱে পুনৰবাৰ ভাৰতীয় প্ৰশিক্ষকক বিশ্বাস কৰাৰ পৰম্পৰা অব্যাহত ৰাখিছে।
৪২ বছৰীয়া নায়াৰৰ আধুনিক আৰু প্ৰগতিশীল প্ৰশিক্ষক পদ্ধতিৰ বাবে খেলুৱৈ আৰু দল পৰিচালনা উভয়ৰে মাজত অতিশয় সন্মান। বিগত পাঁচ বছৰ ধৰি কেকেআৰৰ সহায়ক কৰ্মচাৰীৰ অংশ হিচাপে কাম কৰি আহিছে তেওঁ। কিন্তু ভাৰতীয় দলৰ সৈতে জড়িত হোৱাৰ বাবে ২০২৫ চনৰ ছিজনত তেওঁৰ ভূমিকা সীমিত আছিল। নায়াৰে ভাৰতীয় দলৰ সৈতে এবছৰ সহকাৰী প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
ফ্ৰেঞ্চাইজিটোৱে তেওঁৰ খেলুৱৈকেন্দ্ৰিক আৰু সামগ্ৰিক প্ৰশিক্ষক শৈলীৰ শলাগ লয়। নায়াৰে কেইবাগৰাকীও ভাৰতীয় খেলুৱৈৰ সৈতে ব্যক্তিগতভাৱে কাম কৰি উল্লেখযোগ্য ফলাফল লাভ কৰিছে। কে এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, আৰু ৰোহিত শৰ্মাৰ দৰে খেলুৱৈয়ে তেওঁৰ নিৰ্দেশনাত ভাল প্ৰদৰ্শন আগবঢ়াইছে। বিশেষকৈ ৰোহিত শৰ্মাই নায়াৰৰ অধিবেশনসমূহে তেওঁৰ বাবে উল্লেখযোগ্য সহায়ক হোৱা বুলি উল্লেখ কৰি কেইবাবাৰো ৰাজহুৱাভাৱে নায়াৰৰ সমৰ্থনৰ প্ৰশংসা কৰি আহিছে।
এতিয়া নাইৰে কেকেআৰৰ বৰ্তমানৰ প্ৰশিক্ষক গোটৰ আন সদস্যসকলৰ সৈতে কাম কৰিব, য’ত দলৰ গুৰু ড্ৱেইন ব্ৰাভোও আছে। প্ৰাক্তন বলিং প্ৰশিক্ষক ভাৰত অৰুণে শেহতীয়াকৈ ফ্ৰেঞ্চাইজি এৰি এতিয়া লক্ষ্ণৌ ছুপাৰজায়েণ্টছৰ সৈতে আছে। এই পদৰ বাবে নতুন প্ৰাৰ্থী বিচাৰিছে কেকেআৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
