নগাঁৱ, ৩০ অক্টোবৰ (হি.স.)। বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আকস্মিক পৰিদর্শন। চিকিৎসালয়ত চিকিৎসকৰ ৰোগীৰ হাহাকাৰ অৱস্থা প্ৰত্যক্ষ কৰি খঙত অগ্নিশৰ্মা জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। অকৰ্তৃত্বশীলভাৱে চিকিৎসকৰ অনুপস্থিতিত ক্ষুণ্ণ জিলা আয়ুক্ত।
চিকিৎসকৰ অভাৱত ব্যক্তিগত নাৰ্ছিং হোমলৈ যাবলগীয়া হৈছে ৰোগী।
এনে অপৰিস্থিতিৰো সাক্ষী হ’ল খোদ জিলা আয়ুক্ত। চিকিৎসক, চিকিৎসা কৰ্মীৰ বিৰুদ্ধে জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই তেও নগাঁৱ জিলালৈ বদলি হৈ অহাৰ পিছৰে পৰা তেও জিলা খনত থকা বিভিন্ন চৰকাৰী বিভাগত আকস্মিক পৰিদৰ্শন কৰি বিভিন্ন অনিয়ম ধৰা পেলাবলৈ সক্ষম হৈছে।বিশেষকৈ চৰকাৰী কৰ্মচাৰী সকল সময়মতে কাৰ্যালয়ত উপস্থিত নহোৱা ,বিভিন্ন দুৰ্নিতী ধৰা পেলাব সক্ষম হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
