আইনড’ভেন (নেদাৰলেণ্ড), ২১ জুলাই (হি.স.)। ইণ্ডিয়া-এ পুৰুষৰ হকী দলে দেওবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে ২-৮ গ’লত পৰাস্ত হৈ ইউৰোপ ভ্ৰমণৰ সামৰণি মাৰে। এই খেলখনত ইণ্ডিয়া-এৰ হৈ মিডফিল্ডাৰ ৰাজিন্দৰ সিং আৰু ফৰৱাৰ্ড চেলভাম কাৰ্থীয়ে এটাকৈ গ’ল দিয়ে। ইয়াৰ পূৰ্বে ১৮ জুলাইত অনুষ্ঠিত হোৱা অন্তিমখন খেলত দলটোৱে নেদাৰলেণ্ডৰ হাতত ০-৩ গ’লত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।
০৮ জুলাইৰ পৰা ইণ্ডিয়া-এ এই ভ্ৰমণ আৰম্ভ কৰিছিল, য’ত দলটোৱে ইউৰোপৰ পাঁচখন দেশৰ বিৰুদ্ধে মুঠ ৮খন খেল খেলিছিল। এই সময়ছোৱাত ভাৰতীয় খেলুৱৈসকলে আয়াৰলেণ্ড, ফ্ৰান্স, ইংলেণ্ড, বেলজিয়াম আৰু নেদাৰলেণ্ডৰ দৰে বৃহৎ দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি তিনিখন ভিন্ন চহৰত মেচ খেলিছিল।
এই ভ্ৰমণৰ সন্দৰ্ভত মুখ্য প্ৰশিক্ষক শিবেন্দ্ৰ সিঙে কয় যে, ইউৰোপ ভ্ৰমণত আমি জয়ী হোৱাতকৈ অধিক পৰাজিত হলো, কিন্তু আমাৰ মূল উদ্দেশ্য আছিল কেৱল ফলাফল নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিজ্ঞতা আৰু খেলুৱৈসকলক শিক্ষণ প্ৰদান কৰা। এই অভিজ্ঞতাই ভৱিষ্যতে তেওঁলোকৰ প্ৰদৰ্শন উন্নত কৰাত সহায় কৰিব।
তেওঁ লগতে আঙুলিয়াই দিয়ে যে দলটোত চিনিয়ৰ আৰু ডেবিউটেণ্টৰ ভাৰসাম্য আছিল, আৰু এই ভ্ৰমণে তেওঁলোকক উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাৰ সন্মুখীন হোৱাৰ এক মূল্যৱান সুযোগ দিছিল।
এই ভ্ৰমণত ইণ্ডিয়া এ তিনিখন মেচত জয়লাভ কৰাৰ বিপৰীতে বাকীবোৰত পৰাস্ত হয়। তথাপিও এই ভ্ৰমণ ভাৰতৰ যুৱ খেলুৱৈসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা আহৰণ আৰু ভৱিষ্যতৰ বৃহৎ প্ৰতিযোগিতাসমূহৰ বাবে নিজকে প্ৰস্তুত কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰমাণিত হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
