টৰন্টো, ৬ আগষ্ট (হি.স.)। কানাডিয়ান অ’পেন ২০২৫ৰ কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি টেইলৰ ফ্ৰিটজ আৰু বেন শ্বেল্টনে অল আমেৰিকান ছেমিফাইনেলত স্হান নিশ্চিত কৰে। যোৱা ১৫ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এ টি পি মাষ্টাৰছ ১০০০ প্ৰতিযোগিতাৰ ছেমিফাইনেলত দুজন আমেৰিকান খেলুৱৈৰ মুখামুখি হ’ব।
দ্বিতীয় ছিড ফ্ৰিটজে ৰাছিয়াৰ ষষ্ঠ ছিড আন্দ্ৰে ৰুব্লেভক ৬-৩, ৭-৬ (৪) গ’লত পৰাস্ত কৰে। মেচখনত ফ্ৰিটজে মুঠ ২০টা এছ আঘাত কৰে, ইয়াৰে শেষৰ পইণ্টত কৰা এছটো নিৰ্ণায়ক বুলি প্ৰমাণিত হয়।
ইয়াৰ পিছতে চতুৰ্থ ছিড শ্বেল্টনে নৱম ছিড অষ্ট্ৰেলিয়াৰ এলেক্স ডি মিনাউৰক ৬-৩, ৬-৪ গ’লত পৰাস্ত কৰে। ২২ বছৰীয়া শ্বেল্টনে প্ৰথমবাৰৰ বাবে এ টি পি মাষ্টাৰছ ১০০০ প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে।
আজি ফ্ৰিটজ আৰু শ্বেলটনৰ মাজত অনুষ্ঠিত হ’ব এই ঐতিহাসিক ছেমিফাইনেল মেচখন। শেষৰখন এনে অল আমেৰিকান ছেমিফাইনেল ২০১০ চনত চিনচিনাটিত এণ্ডি ৰডিক আৰু মাৰ্ডি ফিছৰ মাজত অনুষ্ঠিত হৈছিল।
বুধবাৰে দ্বিতীয়খন ছেমিফাইনেল খেলত জাৰ্মানীৰ শীৰ্ষ ছিড আলেকজেণ্ডাৰ ঝভেৰেভ আৰু ৰাছিয়াৰ একাদশ ছিড কেৰেন খাচানভৰ মাজত অনুষ্ঠিত হ’ব। ২০১৭ চনত মণ্ট্ৰিয়েলত এই খিতাপ দখল কৰা ঝভেৰেভে বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ ফাইনেল।
২৭ বছৰীয়া ফ্ৰিটজে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক পন্থা অৱলম্বন কৰিছিল, প্ৰথমখন খেলত তিনিটা এছ মাৰি পৰৱৰ্তী আঠটা পইণ্ট লাভ কৰি ৰুব্লেভৰ চাৰ্ভ ভাঙিছিল। প্ৰথম ছেটত তেওঁ ৪-১ ব্যৱধানত অগ্ৰগতি লাভ কৰি সহজেই ছেটটো জয় কৰে।
বৰ্তমান এ টি পি ৰেংকিঙত চতুৰ্থ স্থানত থকা আৰু যোৱা বছৰ ইউ এছ অ’পেনৰ ফাইনেলত বিশ্বৰ ১ নম্বৰ য়ানিক চিনাৰৰ হাতত পৰাস্ত হোৱা ফ্ৰিটজে এতিয়া নিজৰ কেৰিয়াৰৰ ১১ সংখ্যক এ টি পি ট্যুৰ খিতাপ আৰু দ্বিতীয়টো মাষ্টাৰছ ১০০০ খিতাপ জয়ৰ পথত আগবাঢ়িছে।
দ্বিতীয় ছেটত ফ্ৰিটজে ৰুব্লেভৰ চাৰ্ভ ৪-৪ ব্যৱধানত ভংগ কৰে যদিও ৰাছিয়াৰ খেলুৱৈগৰাকীয়ে লগে লগে উভতি আহি ৬-৫ ব্যৱধানত অগ্ৰগতি লাভ কৰে। অৱশ্যে ফ্ৰিটজে টাইব্ৰেকলৈ লৈ গৈ চেটটো জয় কৰে।
মন কৰিবলগীয়া যে এইবাৰ ছিনাৰ, জেক ড্ৰেপাৰ (৫ নং), ন’ভাক জ’কভিচ (৬ নং) আৰু কাৰ্লোছ আলকাৰাজ (২ নং)ৰ দৰে বহু শীৰ্ষ খেলুৱৈয়ে এই প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিছিল। উইম্বলডনৰ ছেমি ফাইনেলত ফ্ৰিটজক পৰাস্ত কৰিছিল আলকাৰাজে।
যোৱা বছৰ মণ্ট্ৰিয়েলত খেলা ফাইনেলত অষ্ট্ৰেলিয়াৰ আলেক্সেই পপিৰিনৰ হাতত পৰাস্ত হোৱা ৰুবলেভ এইবাৰ চতুৰ্থ ৰাউণ্ডত বাহিৰ হয়। ২৭ বছৰীয়া খেলুৱৈগৰাকীয়ে উইম্বলডন আৰু ফ্ৰেঞ্চ অ’পেনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
