চেন্নাই, ১৯ অক্টোবৰ । নিউজিলেণ্ডৰ বাওঁহাতৰ অৰ্থডক্স স্পিনাৰ মিচেল ছাণ্টনাৰে বুধবাৰে ইয়াৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত আফগানিস্তানৰ বিৰুদ্ধে আই চি চিৰ পুৰুষ ক্ৰিকেট বিশ্বকাপ খেলৰ সময়ত এদিনীয়া ১০০টা উইকেট সম্পূৰ্ণ কৰে।
খেলখনৰ পূৰ্বে এদিনীয়া ক্ৰিকেটত ১০০ উইকেটৰ পৰা মাত্ৰ এটা উইকেটৰ আঁতৰত আছিল ছান্টনাৰ। খেলখনত ৭.৪ অভাৰত ৩৯ ৰানত ৩টা উইকেট দখল কৰাৰ লগতে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপতো সৰ্বাধিক উইকেট দখল (১৪) হিচাপে পৰিগণিত হয়।
ব্যক্তিগত ৯৮ সংখ্যক মেচত বলিং কৰি ৩১ বছৰীয়া খেলুৱৈগৰাকীয়ে মহম্মদ নবিক উইকেটৰ আউট কৰি ১০০ সংখ্যক এদিনীয়া উইকেট সম্পূৰ্ণ কৰে। ইয়াৰ জৰিয়তে ছান্টনাৰ স্বদেশৰ কিংবদন্তি ডেনিয়েল ভেট’ৰীৰ পিছত এই কৃতিত্ব অৰ্জন কৰা নিজৰ দেশৰ দ্বিতীয়জন স্পিনাৰ হিচাপে পৰিগণিত হয়।
ছান্টনাৰে ৯৩টা এদিনীয়া ইনিংছত ৩৬.০৪ আৰু ইকনমি ৪.৮৫ৰ গড়ে ১০২টা উইকেট দখল কৰিছে।
মেচখনৰ কথা ক’বলৈ গ’লে টম লেথাম আৰু গ্লেন ফিলিপছৰ অৰ্ধশতকৰ পিছত ছাণ্টনাৰ আৰু লকি ফাৰ্গুচনৰ আকৰ্ষণীয় বলিং প্ৰদৰ্শনৰ বাবে নিউজিলেণ্ডে আফগানিস্তানক ১৪৯ ৰানত পৰাস্ত কৰে।
প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ১১০ ৰানত ৪ উইকেট হেৰুৱাই সমস্যাত পৰিছিল যদিও ইয়াৰ পিছত গ্লেন ফিলিপছ (৭১) আৰু টম লেথামে (৬৮) ১৪৪ ৰানৰ অংশীদাৰিত্ব কৰি দলীয় স্ক’ৰ ৬ উইকেটত ২৮৮ ৰানলৈ লৈ যায়। ইয়াৰ উত্তৰত আফগানিস্তানে ৩৪.৪ অভাৰত ১৩৯ ৰান সংগ্ৰহ কৰি অল আউট হয়।
