অমৰাৱতীৰ শিৱ থাকৰে দৰ্শকৰ মনত এক সুকীয়া স্থান সৃষ্টি কৰিছে। ‘ৰ’ডিজ’ৰ ১৪ সংখ্যক ছিজনৰ পিছত তেওঁ ঘৰুৱা নাম হৈ পৰিছিল। সততা আৰু ভাল কামৰ ভিত্তিত শিৱই ‘ৰ’ডিজ’ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। এতিয়া শিৱক অতি সোনকালে দেখা যাব ডান্স ৰিয়েলিটি শ্ব’ ‘ঝলক দিখলা জা-১১’ত।
‘বিগ বছ’ মাৰাঠীৰ দ্বিতীয় ছিজনৰ বিজয়ী শিৱ থাকৰে। সময়ৰ লগে লগে হিন্দী ছিজন ‘বিগ বছ’, ‘খাট্ৰন কে খিলাদি’ৰ জৰিয়তে তেওঁ নিজাকৈ সুকীয়া অনুৰাগীৰ ভিত্তি গঢ়ি তুলিছিল। নতুন শ্ব’টোত প্ৰৱেশ কৰিবলৈ এতিয়া সাজু হৈছে শিৱ। শীঘ্ৰে ‘ঝলক দিখলা জা’ৰ ১১ সংখ্যক ছিজনত অংশগ্ৰহণ কৰিব শিৱই। যোৱা কেইদিনমানৰ পৰা ঝলক দিখলা জাৰ নতুন ছিজনৰ বিষয়ে সকলোতে চৰ্চা চলি আছে।
শিৱৰ লগতে এই শ্ব’টোত এই চেলিব্ৰিটিসকলকো অন্তৰ্ভুক্ত কৰা হ’ব
শেহতীয়াকৈ প্ৰকাশ পাইছে ৰিয়েলিটি শ্ব’ ‘ঝলক দিখলা জা’ৰ একাদশ ছিজনৰ নিশ্চিত ১০ গৰাকী প্ৰতিযোগীৰ নাম। এইবাৰৰ খণ্ডটোত দেখা যাব ‘সসুৰাল ছিমাৰ কা’ৰ খ্যাতি শোৱেইব ইব্ৰাহিম, শিৱ ঠাকৰে, উৰ্বশী ঢোলাকিয়া, আমিৰ আলী, তনিছা মুখাৰ্জী, সংগীতা ফ’গাট, অঞ্জলি আনন্দ, ৰাঘৱ ঠাকুৰ, কৰুণা পাণ্ডে, অদ্ৰিজা সিনহা।
‘ঝলক দিখলা জা-১১’ শ্ব’ত শিৱৰ নৃত্য পৰিচালক হিচাপে পৰিগণিত হ’ব ৰোমেশ সিং। শিৱই নৃত্যৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। নিজাকৈ নৃত্যৰ ক্লাছ থকাৰ বাবে তেওঁ ইয়াৰ বিষয়ে বহু কথা জানে গতিকে স্পষ্টভাৱে শিৱ থাকৰেৰ অনুৰাগীসকলে আশা কৰিছে যে তেওঁ ‘ঝলক দিখলা জা’ৰ এই সংস্কৰণৰ বিজয়ী হ’ব পাৰে। ১১ নৱেম্বৰৰ পৰা চনী টিভিত উপলব্ধ হ’ব এই অনুষ্ঠান।
