গোৱা, । আজি সন্ধিয়া ঘৰুৱা খেলপথাৰ ফটোৰ্ডা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ২০২৩-২৪ৰ খেলখনত যেতিয়া এফ চি গোৱাই ইষ্ট বেংগল এফ চিক আদৰিব, তেতিয়া তেওঁলোকে এই ছিজনৰ দ্বিতীয়াৰ্ধৰ প্ৰথমটো জয় লাভ কৰাৰ লক্ষ্য ৰাখিব।
ছিজন আৰম্ভ হোৱাৰ পৰা ১২খন মেচত অপৰাজিত হোৱাৰ পাছত খেলুৱৈৰ আঘাতৰ বাবে একেৰাহে তিনিবাৰকৈ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় এফ চি গোৱাই যদিও পূৰ্বৰ মেচখনত মুম্বাই চিটি এফ চিৰ সৈতে ১–১ গ’লত ড্র হৈছিল ৷ ছিজনৰ আৰম্ভণিৰ শক্তিশালী বাবে তেওঁলোক এতিয়াও টেবুলৰ চতুৰ্থ স্থানত আছে। লীগৰ আগশাৰীৰ অডিছা এফ চিৰ পৰা (১৮খন মেচৰ পৰা ৩৫ পইণ্ট) মাত্ৰ ছয় পইণ্ট পিছ পৰি থকা দলটোৱে (১৬খন মেচৰ পৰা ২৯ পইণ্ট) আৰু জাগাৰনাটতকৈ দুখন কম মেচ খেলিছে।
একেদৰে ইষ্ট বেংগল এফ চিয়ে এক গ’লৰ অগ্ৰগতি নষ্ট কৰি পূৰ্বৰ মুখামুখিত ওড়িশা এফ চিৰ হাতত ১-২ গ’লত পৰাস্ত হৈছিল। টেবুলৰ নৱম স্থানত উপস্থিত আছে। ষষ্ঠ স্থানত থকা বেংগালুৰু এফ চিৰ (১৮খন মেচৰ পৰা ২১ পইণ্ট) মাত্ৰ তিনি পইণ্ট পিছ পৰি আছে।
এইদৰে এফ চি গোৱা আৰু ৰেড এণ্ড গোল্ড ব্ৰিগেড দুয়োটা দলে ছিজনৰ বাবে নিজৰ নিজৰ লক্ষ্য পূৰণৰ সকলো সুযোগ লাভ কৰে।
এফ চি গোৱাৰ স্পেনিছ মুখ্য প্ৰশিক্ষক মানোলো মাৰ্কেজে মঙলবাৰে মেচৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত কয়, ‘প্ৰায় সকলো মেচৰ প্ৰথমাৰ্ধ মোৰ বাবে একেই হৈছে। মাথোঁ কিছুমান নিৰ্দিষ্ট মুহূৰ্তই মেচখন নিৰ্ধাৰণ কৰে। মুম্বাইত যেতিয়া প্ৰতিপক্ষই আৰম্ভণিতে গ’ল দিছিল, তেতিয়া আমাৰ দলটোৱে অতি ভাল সঁহাৰি দিছিল, যিটো আন মেচত দেখা পোৱা নাছিল।”
ইষ্ট বেংগল এফ চিৰ স্পেইনৰ মুখ্য প্ৰশিক্ষক কাৰ্লেছ কুয়াড্ৰাটে মেচখনৰ পূৰ্বে কয় যে, ‘এতিয়াও ১৫ পইণ্ট খেলিবলগীয়া আছে আৰু বহু কথা এতিয়াও হ’ব পাৰে, গতিকে প্লে অফৰ স্থানৰ বাবে প্ৰত্যাহ্বান জনাই থকাৰ এইটোৱেই শেষ সুযোগ বুলি মই নাভাবো। এটা চান্স আছে।”
উল্লেখ্য যে এই পৰ্যন্ত দুয়োটা দলৰ মাজত ৭ খন মেচ খেলিছে, য’ত এফ চি গোৱাই ৪ খন আৰু ইষ্ট বেংগলে ১ খন মেচত জয়লাভ কৰিছে, আনহাতে ২ খন মেচ ড্ৰ’ হৈছে।
