মাদ্ৰিদ, ০৯ জুলাই (হি.স.)। স্পেনিছ ফুটবল ক্লাব এটলেটিকো মাদ্রিদৰ নতুন চুক্তিবদ্ধ মেটিঅ’ ৰুগেৰীয়ে কয় যে যেতিয়া ক্লাবটোৱে তেওঁৰ সৈতে যোগাযোগ কৰিছিল তেতিয়া তেওঁ পলম নকৰাকৈয়ে এই প্রস্তাৱ মানি লৈছিল ৷
ইটালীৰ ২২ বছৰীয়া ফুল বেক ৰুগেৰীয়ে শেহতীয়াকৈ ইটালীৰ ক্লাব আটালান্টাৰ পৰা প্ৰায় ১৭ মিলিয়ন ইউৰো (প্ৰায় ২ কোটি মাৰ্কিন ডলাৰ)ত এটলেটিকোত যোগদান কৰিছে। ক্লাবটোৰ সৈতে পাঁচ বছৰৰ বাবে চুক্তিবদ্ধ হৈছে আৰু ২০৩০ চনৰ জুনলৈকে চলিব।
মঙলবাৰে ক্লাবৰ অফিচিয়েল ৱেবছাইটত দিয়া এক সাক্ষাৎকাৰত ৰুগেৰীয়ে কয় যে, যেতিয়া মোৰ এজেণ্টসকলে মোক ক’লে যে এটলেটিকো মোৰ প্ৰতি আগ্ৰহী, তেতিয়া মই চিন্তা নকৰাকৈয়ে ‘হয়’ বুলি ক’লোঁ। মোৰ বাবে এইটো আছিল এক বৃহৎ সুযোগ, যিটো মই হেৰুৱাব বিচৰা নাছিলো। মই ইয়াত উপস্থিত হৈ অতি সুখী।
এটলেটিকোৰ ডিফেন্স লাইনত বাওঁ উইংত জাভি গালানৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব ৰুগেৰীয়ে। অৱশ্যে প্ৰশিক্ষক ডিয়েগো ছিমিওনেৰ কৌশল অনুসৰি নিজকে খাপ খুৱাব লাগিব বুলি তেওঁ স্বীকাৰ কৰে। ‘মই বেছিভাগেই বেক-৫ত উইং বেক হিচাপে খেলিছো, কিন্তু বেক-৪ বা বেক-৩ত বাওঁফালৰ চেণ্টাৰ বেক হিচাপেও খেলিব পাৰো।মই আগবাঢ়ি গৈ কঠোৰ পৰিশ্ৰম কৰি ভাল পাওঁ।’
ৰুগেৰীয়ে কয় যে তেওঁৰ খেলৰ শৈলীৰ বাবেই তেওঁক ‘দ্য টাইগাৰ’ বুলি ডাকনাম দিয়া হৈছিল। তেওঁ কয় যে মই কেতিয়াও পিছুৱাই নাযাওঁ। মই সদায় খেলপথাৰত যুঁজাৰু মনোভাৱ আৰু শক্তিৰে খেলো।
নিজৰ লক্ষ্যৰ বিষয়ে কওঁতে ৰুগেৰীয়ে কয় যে তেওঁ প্ৰতিদিনে কঠোৰ পৰিশ্ৰম আৰু নিজকে উন্নত কৰিব বিচাৰে। লগতে তেওঁ কয় যে প্ৰশিক্ষক ডিয়েগো ছিমিওনেৰ অধীনত খেলাটো তেওঁৰ বাবে এক সপোন বাস্তৱায়িত।
ছিমিওনেৰ দৰে প্ৰশিক্ষকৰ সৈতে কাম কৰাটো গৌৰৱৰ বিষয়।কিছুদিন পূৰ্বে তেওঁৰ সৈতে কথা পাতিছিলো, আৰু তেওঁৰ প্ৰতি মোৰ বহুত সন্মান আছে।মই তেওঁক মোৰ খেলেৰে আপ্লুত কৰিব বিচাৰো।’
ইয়াৰ পূৰ্বেও খেলা আৰ্জেণ্টিনাৰ গ’লৰক্ষক জুয়ান মুছ’ৰ সৈতে এটলেটিকোত পুনৰ মিলিত হ’ব ৰুগেৰীয়ে। তেওঁ কয় যে মুছ’ই মোক ক্লাবৰ বিষয়ে বহু ভাল কথা কৈছিল, যাৰ ফলত মোৰ উৎসাহ আৰু অধিক বৃদ্ধি পাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
