নতুন দিল্লী, ২৫ অক্টোবৰ (হি.স.)। হিৰো হকী ইণ্ডিয়া লীগে ২০২৫–২৬ ছিজনৰ পুৰুষ আৰু মহিলা লীগৰ শনিবাৰে আনুষ্ঠানিক সূচী ঘোষণা কৰে। ৰাঁচীৰ মৰাং গোমকে জয়পাল সিং এষ্ট্ৰ’টাৰ্ফ হকী ষ্টেডিয়ামত অনুষ্ঠিত এক সংবাদমেলত এই ঘোষণা ভাৰতৰ সন্মানীয় হকী প্ৰতিযোগিতাৰ নতুন ছিজনৰ বাবে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ঝাৰখণ্ড চৰকাৰৰ পৰ্যটন, কলা, সাংস্কৃতিক, ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী সুদিব্য কুমাৰ। হকী ইণ্ডিয়াৰ মহাসচিব তথা হিৰো হকী ইণ্ডিয়া লীগ গভৰ্নিং কমিটিৰ সদস্য ভোলা নাথ সিং, ৰাঞ্চি ৰয়েলছৰ দলৰ স্বত্বাধিকাৰী আলৱিশ এম.এ., আৰু আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ মনদীপ সিং, আশীষ টানি পুৰ্তী, সংগীতা কুমাৰী, দীপিকা সোৰেং, নিকি প্ৰধান, আৰু বিউটি ডাং ডুং আদিও উপস্থিত থাকে।
এই উপলক্ষে ঝাৰখণ্ডৰ চহকী হকী পৰম্পৰা আৰু শক্তিৰ প্ৰতীক হিচাপে ৰাঞ্চি ৰয়েলছ দলৰ নতুন অফিচিয়েল ল’গ’ও মুকলি কৰা হয়।
পুৰুষ আৰু মহিলা লীগৰ সূচী
এইবাৰ পুৰুষৰ লীগ তিনিখন ডাঙৰ চহৰ—চেন্নাই, ৰাঞ্চি, আৰু ভুৱনেশ্বৰত অনুষ্ঠিত হ’ব, আনহাতে মহিলাৰ লীগ সম্পূৰ্ণৰূপে ৰাঁচীত অনুষ্ঠিত হ’ব, পূৰ্বৰ বছৰবোৰৰ দৰেই।
২০২৬ চনৰ ৩ জানুৱাৰীত চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণন হকী ষ্টেডিয়ামত আৰম্ভ হ’ব পুৰুষৰ হিৰো এইচ আই এল, য’ত আয়োজক তামিলনাডু ড্ৰেগনছ আৰু হায়দৰাবাদ হাৰিকেনছৰ মাজত অনুষ্ঠিত হ’ব ৰোমাঞ্চকৰ উদ্বোধনী মেচ। পুৰুষৰ লীগত আঠটা দলে অংশগ্ৰহণ কৰিব: তামিলনাডু ড্ৰেগনছ, হায়দৰাবাদ হাৰিকনেছ, জে এছ ডব্লিউ সুৰমা হকী ক্লাব, শ্ৰাচি ৰাধ বেংগল টাইগাৰ্ছ (ডিফেণ্ডিং চেম্পিয়ন), বেদান্ত কলিংগা লেন্সাৰ্ছ, ৰাঞ্চি ৰয়েলছ, এছ জি পাইপাৰ্ছ, আৰু এইচ আই এল গভৰ্নিং কাউন্সিল।
২০২৫ চনৰ ২৮ ডিচেম্বৰৰ পৰা ৰাঁচীৰ মৰাং গোমকে জয়পাল সিং মুণ্ডা এষ্ট্ৰ’টাৰ্ফ ষ্টেডিয়ামত আৰম্ভ হ’ব মহিলা হিৰো এইচ আই এল। উন্মোচনী খেলখনত ৰাঞ্চি ৰয়েলছ আৰু এছ জি পাইপাৰ্ছৰ মাজত অনুষ্ঠিত হ’ব। মহিলা লীগত মুঠ চাৰিটা দলে অংশগ্ৰহণ কৰিব: ৰাঞ্চি ৰয়েলছ, এছ জি পাইপাৰ্ছ, জে এছ ডব্লিউ সুৰমা হকী ক্লাব, আৰু শ্ৰাচি ৰাধ বেংগল টাইগাৰ্ছ।
পুৰুষৰ এইচ আই এল ফৰ্মেট
পুৰুষৰ লীগ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব—
প্ৰথম পৰ্যায়: চেন্নাই (৩–৯ জানুৱাৰী)
দ্বিতীয় পৰ্যায়: ৰাঁচী (১১–১৬ জানুৱাৰী)
তৃতীয় আৰু অন্তিম পৰ্যায়ঃ ভুৱনেশ্বৰ (১৭–২৬ জানুৱাৰী)
সকলো দলে এবাৰ মুখামুখি হ’ব। শীৰ্ষ চাৰিটা দলে প্লে অফলৈ আগবাঢ়িব, য’ত থাকিব কোৱালিফায়াৰ ১ আৰু এলিমিনেটৰ (২৩ জানুৱাৰী), কোৱালিফায়াৰ ২ (২৫ জানুৱাৰী), আৰু ফাইনেল (২৬ জানুৱাৰী, কলিংগা ষ্টেডিয়াম, ভুৱনেশ্বৰ)।
ফাইনেলৰ পূৰ্বে ২৬ জানুৱাৰীতো অনুষ্ঠিত হ’ব তৃতীয় স্থানৰ মেচখন।
মহিলাৰ এইচ আই এল ফৰ্মেট
মহিলা লীগ ডাবল ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হ’ব, অৰ্থাৎ প্ৰতিটো দলে দুবাৰকৈ মুখামুখি হ’ব। লীগ পৰ্যায়ৰ পিছত ২০২৬ চনৰ ১০ জানুৱাৰীত শীৰ্ষ দুটা দলে ফাইনেল খেলিব।
এই উপলক্ষে ভাষণ দি হিৰো হকী ইণ্ডিয়া লীগ গভৰ্নিং কমিটিৰ অধ্যক্ষ ড০ দিলীপ তিৰ্কিয়ে কয়, “যোৱা ছিজনৰ সফলতাৰ পিছত এই ছিজনতো অনুৰাগীসকলক উচ্চমানৰ খেলৰ আয়োজন কৰা হ’ব।পুৰুষ লীগখন তিনিখন চহৰলৈ সম্প্ৰসাৰণ কৰি আমি গৌৰৱান্বিত।ইয়াৰ ফলত সমগ্ৰ দেশৰ হকী প্ৰেমীসকলে খেলপথাৰত লাইভত এই ৰোমাঞ্চ অনুভৱ কৰিব পাৰিব।”
তেওঁ আৰু কয়, “আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলৰ অংশগ্ৰহণ আৰু ক্ৰমাৎ বৃদ্ধি পোৱা অনুৰাগীৰ ভিত্তিই লীগখনক বিশ্ব মানদণ্ডলৈ উন্নীত কৰিছে।এই ছিজনত কেৱল শ্ৰেষ্ঠ হকী প্ৰদৰ্শন কৰাই নহয়, নতুন খেলুৱৈকো অনুপ্ৰাণিত কৰা হ’ব।”
এইচ আই এল গভৰ্নিং কমিটীৰ সদস্য ভোলা নাথ সিঙে কয়, ‘হিৰো হকী ইণ্ডিয়া লীগ হকীৰ উৎসৱত পৰিণত হৈছে।ই ভাৰতীয় আৰু বিদেশী খেলুৱৈক একত্ৰিত কৰে।একাধিক চহৰত মেচ অনুষ্ঠিত হোৱা আৰু অনুৰাগীৰ সৈতে জড়িত হোৱাৰ লগে লগে এই ছিজনটো এতিয়ালৈকে আটাইতকৈ ৰোমাঞ্চকৰ বুলি প্ৰমাণিত হ’ব।”
ডাটাত এইচ আই এল ২০২৫–২৬
মহিলা লীগঃ ১৩খন খেল
পুৰুষৰ লীগঃ ৩৩খন মেচ
বিদেশী খেলুৱৈৰ অংশগ্ৰহণ:
১০+ দেশৰ (নেদাৰলেণ্ড, বেলজিয়াম, আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, স্পেইন, গ্ৰেট ব্ৰিটেইন আদি) খেলুৱৈয়ে মহিলা লীগত অংশগ্ৰহণ কৰিব।
১০+ দেশৰ (আৰ্জেণ্টিনা, বেলজিয়াম, জাৰ্মানী, ইংলেণ্ড, স্পেইন, অষ্ট্ৰেলিয়া আদি) খেলুৱৈয়েও পুৰুষৰ লীগত অংশগ্ৰহণ কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
