ডিব্ৰুগড়, ২৫ অক্টোবৰ (হি.স.)। টিংখাঙৰ বামুনবাৰী উচ্চতৰ মাধ্যামিক বিদ্যালয়ত টিংখাং সমষ্টি ভিত্তিত বিশাল স্বাস্থ্য শিবিৰ সম্পন্ন। ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুণবাৰীত অনুষ্ঠিত হৈছে সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ । অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ “শুশ্ৰূষা সেতু”ৰ অধীনত ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ সহযোগত বামুণবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা টিংখাং বিধানসভা সমষ্টি ভিত্তিত এই বৃহৎ স্বাস্থ্য শিবিৰ উদ্বোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াই। অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যিক সাংসদ ৰামেশ্বৰ তেলী,গোৰ্খা উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰেম তামাং,খোৱাং স্বাস্থ্য মহকুমাৰ বিষয়া মহেশ্বৰ সোনোৱাল,ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক তৃষ্ণা বৰা উপস্থিত থাকে।
অসম চৰকাৰৰ এই বিশাল স্বাস্থ্য শিবিৰে সৰুৰ পৰা বৃদ্ধলৈকে সকলোকে ৫০ টা ৰোগৰ সন্দৰ্ভত স্বাস্থ্য পৰীক্ষা কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ জনসাধাৰণক স্বাস্থ্য ক্ষেত্ৰত এই স্বাস্থ্য শিবিৰে বিশেষ সকাহ দিছে বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বড়াই। এই বৃহৎ স্বাস্থ্য শিবিৰত সমষ্টিটো অন্তৰ্গত সহস্ৰাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰোৱাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
