নতুন দিল্লী, ১০ ডিচেম্বৰ (হি.স.)। ভাৰতীয় ক্ৰিকেট দলৰ জ্যেষ্ঠ বেটছমেন বিৰাট কোহলীয়ে পুনৰবাৰ শক্তিশালীভাৱে আগবাঢ়িছে বিশ্বৰ শ্ৰেষ্ঠ এদিনীয়া বেটছমেন হোৱাৰ দিশত। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰকাশ কৰা শেহতীয়া পুৰুষৰ এদিনীয়া খেলুৱৈৰ ৰেংকিঙত কোহলীয়ে দুটা স্থান জপিয়াই দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে ৰোহিত শৰ্মাই এক নম্বৰত আছে।
২০২১ চনৰ এপ্ৰিল মাহত পাকিস্তানৰ বাবৰ আজমৰ হাতত এদিনীয়া বেটছমেনৰ বাবে এক নম্বৰ ৰেংকিং হেৰুৱাইছিল যদিও এতিয়া তেওঁ শীৰ্ষ স্থানৰ পৰা আকৰ্ষণীয় দূৰত্বৰ ভিতৰত আছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত কোহলীয়ে উল্লেখযোগ্য ৰেংকিং লাভ কৰে। ৩৭ বছৰীয়া কোহলিয়ে ছিৰিজত মুঠ ৩০২ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰে।
বিশাখাপট্টনমত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন খেলত অপৰাজিত ৬৫ ৰান সংগ্ৰহ কৰি এতিয়া কোহলীয়ে ৰোহিত শৰ্মাতকৈ মাত্ৰ ৮ ৰেটিং পইণ্ট পিছ পৰি আছে। ইফালে ৰোহিত শৰ্মাই শৃংখলাত ১৪৬ ৰান সংগ্ৰহ কৰি ১ নম্বৰৰ স্থান অক্ষুণ্ণ ৰাখিছে। ৰোহিতৰ ৰেটিং পইণ্ট ৭৮১, আনহাতে কোহলীৰ ৰেটিং পইণ্ট ৭৭৩।
ভাৰতীয় দলটোৱে এতিয়া ঘৰুৱা ক্ষেত্ৰত নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলা খেলিব, যিটো ১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। কোহলী আৰু ৰোহিতৰ মাজত এক নম্বৰ স্থানৰ দৌৰত সকলোৰে দৃষ্টি থাকিব।
শেহতীয়া ৰেংকিঙত আন ভাৰতীয় খেলুৱৈয়েও লাভ কৰিছে। উইকেটকীপাৰ-বেটছমেন কে এল ৰাহুলে দুটা স্থান বৃদ্ধি পাই ১২ নম্বৰ স্থান লাভ কৰিছে। বাওঁহাতৰ স্পিনাৰ কুলদীপ যাদৱে এদিনীয়া বলাৰৰ ৰেংকিঙত তিনিটা স্থান জপিয়াই তৃতীয় স্থান দখল কৰি এই তালিকাত সৰ্বাধিক লাভৰ স্থান দখল কৰিছে।
দক্ষিণ আফ্ৰিকাৰ বেটছমেনেও ৰেংকিং উন্নত কৰিছে। কুইণ্টন ডি ককে ১৩ নম্বৰ, আইডেন মাৰ্ক্ৰামে ২৫ নম্বৰ আৰু টেম্বা বাভুমাই ৩৭ নম্বৰ স্থান দখল কৰিছে। ভাৰতে ২-১ গ’লত জয়লাভ কৰে এই শৃংখলা।
টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙতো পৰিৱৰ্তন দেখা গৈছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলৰ পিছত প্ৰটিয়াছৰ যুৱ বেটছমেন দেৱাল্ড ব্ৰেভিছে তিনিটা স্থান বৃদ্ধি কৰি অষ্টম স্থানলৈ আগবাঢ়িছে। ভাৰতীয় বলাৰৰ ভিতৰত অক্ষৰ পেটেলে ১৩ নম্বৰ, আৰ্ছদীপ সিঙে ২০ নম্বৰ, আৰু জস্প্ৰীত বুমৰাহ ২৫ নম্বৰ স্থান দখল কৰিছে।
অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰকে বলাৰৰ টেষ্ট ৰেংকিঙত উল্লেখযোগ্য জাঁপ দিছে। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন এছেছ টেষ্টত ধাৰাবাহিকভাৱে প্লেয়াৰ অৱ দ্য মেচৰ প্ৰদৰ্শনৰ বাবেই ষ্টাৰকে তিনিটা স্থানত উঠি তৃতীয় স্থান দখল কৰিছে। এই দুখন মেচত তেওঁ মুঠ ১৮টা উইকেট দখল কৰি কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰেটিং লাভ কৰে।
ইংলেণ্ডৰ বেটছমেন হেৰী ব্ৰুক বেটিং ৰেংকিঙত দুটা স্থান পিছলি চতুৰ্থ স্থানলৈ যোৱাৰ বিপৰীতে কেন উইলিয়ামছন দ্বিতীয় আৰু ষ্টিভ স্মিথ তৃতীয় স্থানলৈ উন্নীত হৈছে। জো ৰুট টেষ্টৰ এক নম্বৰ বেটছমেন হৈয়ে আছে।
ক্ৰাইষ্টচাৰ্চত নিউজিলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্ট ড্ৰ’ত সমাপ্ত হয় যদিও দুয়োটা দলৰ খেলুৱৈয়ে ৰেংকিঙত লাভৱান হৈছে। নিউজিলেণ্ডৰ ৰাচিন ৰবিন্দ্ৰই ৯ স্থান জপিয়াই ১৫ নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে টম লেথামে ৬ স্থান বৃদ্ধি কৰি ৩৪ নম্বৰ স্থান লাভ কৰে। টেষ্ট বেটছমেনৰ ৰেংকিঙত ৱেষ্ট ইণ্ডিজৰ শ্বাই হোপ আৰু জাষ্টিন গ্ৰীভছেও উল্লেখযোগ্য লাভৰ বিপৰীতে বেষ্ট বলাৰ কেমাৰ ৰ’চে টেষ্ট বলাৰৰ তালিকাত পাঁচটা স্থান আগুৱাবলৈ সমৰ্থ হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ
