নতুন দিল্লী, ১৭ ছেপ্টেম্বৰ (হি.স.)। টকিঅ’ত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ত পুৰুষৰ হাই জাম্পৰ ফাইনেলত ভাৰতৰ সৰ্বেশ কুশাৰেই ষষ্ঠ স্থানত সমতাত অন্ত পেলায়।
কুছাৰে নিজৰ অন্তিম প্ৰচেষ্টাত ২.২৮ মিটাৰ ক্লিয়াৰ কৰিছিল, যিটো তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ। কিন্তু পদকৰ প্ৰতিদ্বন্দ্বিতাত থাকিবলৈ হ’লে ৰাষ্ট্ৰীয় অভিলেখ (২.২৯ মিটাৰ) ভংগ কৰি ২.৩১ মিটাৰ ক্লিয়াৰ কৰিব লাগিছিল যদিও তিনিওটা প্ৰচেষ্টাতে সেয়া কৰিব নোৱাৰিলে। আমেৰিকাৰ টাইছ উইলছনেও একে উচ্চতাত এটা ছিজনৰ শ্ৰেষ্ঠ ৰেকৰ্ড গঢ়ি ষষ্ঠ স্থানত কুশ্বাৰেৰ সৈতে সমতাত অন্ত পেলায়।
নিউজিলেণ্ডৰ বর্তমানৰ অলিম্পিক চেম্পিয়ন হামিছ কেৰে ২.৩৬ মিটাৰ বেষ্ট জাম্প কৰি সোণৰ পদক লাভ কৰে৷ দক্ষিণ কোৰিয়াৰ ছাং-হিয়ক ৱুৱে ২.৩৪ মিটাৰ জাম্প কৰি ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে চেক গণৰাজ্যৰ জান ষ্টেফেলাই ২.৩১ মিটাৰ জাম্পেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।
অৰ্হতা ৰাউণ্ডত ২.২৫ মিটাৰ জঁপিয়াই ইতিহাস ৰচনা কৰে কুছাৰে। তেওঁ বিশ্ব চেম্পিয়নশ্বিপত হাই জাম্পৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন ভাৰতীয় পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হয়।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
