নতুন দিল্লী, ২৩ জানুৱাৰী (হি.স.। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক আইচিচিৰ পুৰুষৰ এদিনীয়া দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে। দলটোত আছে বিৰাট কোহলী, বেটছমেন শুভ্মন গিল, তাৰকা পেচাৰ মহম্মদ চিৰাজ, মহম্মদ ছামি আৰু স্পিনাৰ কুলদীপ যাদৱ।
মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে এক আনুষ্ঠানিক বিবৃতিত কয় যে আইচিচিৰ পুৰুষ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত মুখামুখি হোৱাৰ পিছত ২০২৩ চনৰ বাবে আইচিচিৰ পুৰুষৰ এদিনীয়া দলত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ তাৰকাসকলে আধিপত্য বিস্তাৰ কৰিছে। ,
ভাৰতৰ অধিনায়ক ৰোহিতে ২০২৩ চনত ৫২ ৰান গড়ে ১২৫৫ ৰান সংগ্ৰহ কৰি চাঞ্চল্যকৰ প্ৰদৰ্শন আগবঢ়াইছিল। যোৱা বছৰ এদিনীয়া বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে ১৩১ ৰানৰ উজ্জ্বল ইনিংছেৰে সৰ্বোত্তম ফৰ্মত আছিল ‘হিটমেন’গৰাকী।
যুৱ খেলুৱৈ শুভমন গিলে কেলেণ্ডাৰ বৰ্ষত ১৫৮৪ ৰান সংগ্ৰহ কৰে।
অষ্ট্ৰেলিয়াৰ অ’পেনিং বেটছমেন ট্ৰেভিছ হেডে ২০২৩ চনৰ বেছিভাগ সময় নিজৰ শ্ৰেষ্ঠতম অৱস্থাত আছিল আৰু ভাৰতত অষ্ট্ৰেলিয়াক ষষ্ঠবাৰৰ বাবে বিশ্বকাপ জয় কৰাত সহায় কৰিছিল। নিৰ্ণায়ক মেচত ভাৰতৰ বিৰুদ্ধে অবিশ্বাস্য ১৩৭ ৰান সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াক ট্ৰফী জয় কৰাত সহায় কৰিছিল।
ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ২০২৩ চনত ৬বাৰকৈ তিনিটা সংখ্যাত উপনীত হোৱাৰ বাবে অভিলেখ ভংগ কৰিছিল। টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভৰ পথত তেওঁ বিশ্বকাপৰ সময়ত ভাৰতৰ সৰ্বকালৰ মহান শচীন টেণ্ডুলকাৰৰ সৰ্বাধিক আন্তৰ্জাতিক শতকৰ অভিলেখো ভংগ কৰে।
নিউজিলেণ্ডৰ তাৰকা ডেৰিল মিচেলে ২০২৩ চনত ব্লেককেপছৰ হৈ নেতৃত্ব দিছিল আৰু তেওঁ আকৰ্ষণীয় পাঁচটা শতক অৰ্জন কৰিছিল আৰু গড়ে ৫২.৩৪ ৰানত মুঠ ১২০৪ ৰান সংগ্ৰহ কৰিছিল।
আইচিচিৰ পুৰুষৰ এদিনীয়া দল ২০২৩ৰ উইকেটকীপাৰ হিচাপে নিৰ্বাচিত হৈছে দক্ষিণ আফ্ৰিকাৰ বেটছমেন হেনৰিখ ক্লাচেনক। অভিজ্ঞ প্ৰটিয়াছৰ বেটছমেনগৰাকীয়ে ২০২৩ চনৰ বেছিভাগ সময় বেটৰ সৈতে জিলিকি আছিল আৰু এদিনীয়া বিশ্বকাপৰ সময়ত ইংলেণ্ডৰ বিৰুদ্ধে ১০৯ ৰানত উজ্জ্বল শতক অৰ্জন কৰিছিল।
বিগত ১২ মাহত বেট আৰু বল দুয়োটাৰে অসাধাৰণ প্ৰদৰ্শনৰ অন্তত বছৰৰ শ্ৰেষ্ঠ বলাৰ মাৰ্কো য়েনছনে বছৰৰ শ্ৰেষ্ঠ দলত স্থান দখল কৰিছে।
অষ্ট্ৰেলিয়াৰ স্পিনাৰ এডাম জাম্পাক এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে, বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সফল দৌৰ, একেৰাহে তিনিখন মেচত আকৰ্ষণীয়ভাৱে চাৰিটা উইকেট দখল কৰাৰ লগতে প্ৰতিযোগিতাখনৰ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে চিহ্নিত হয়।
ভাৰতৰ বলাৰ মহম্মদ চিৰাজ, মহম্মদ ছামি আৰু স্পিনাৰ কুলদীপ যাদৱে গোটেই ২০২৩ চনত দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আইচিচি দলত স্থান লাভ কৰে। ২০২৩ চনৰ ভিতৰত ছিৰাজে মুঠ ৪৪টা উইকেট দখল কৰাৰ বিপৰীতে সৰ্বাধিক উইকেট দখলকাৰী হিচাপে এদিনীয়া বিশ্বকাপ সমাপ্ত কৰা ছামীয়ে। ২০২৩ চনত তেওঁ চাৰিবাৰকৈ ৫টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছিল।
ইফালে, ফৰ্মত থকা বাওঁহাতৰ স্পিনাৰ কুলদীপে ২০২৩ চনটো মুঠ ৪৯টা এদিনীয়া উইকেটৰে সমাপ্ত কৰে।
২০২৩ চনৰ আই চি চিৰ পুৰুষৰ এদিনীয়া দল : ৰোহিত শৰ্মা (অধিনায়ক) (ভাৰত), শুভমান গিল (ভাৰত), ট্ৰেভিছ হেড (অষ্ট্ৰেলিয়া), বিৰাট কোহলী (ভাৰত), ডেৰিল মিচেল (নিউজিলেণ্ড), হেনৰিক ক্লাচেন (উইকেটৰক্ষক) (দক্ষিণ আফ্ৰিকা), মাৰ্কো জনছন (দক্ষিণ আফ্ৰিকা), এডাম জাম্পা (অষ্ট্ৰেলিয়া), মহম্মদ চিৰাজ (ভাৰত), কুলদীপ যাদৱ (ভাৰত) আৰু মহম্মদ শ্বামী (ভাৰত)।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ
