
নলবাৰী, ০৫ নৱেম্বৰ (হি.স.): নলবাৰী জিলাৰ মুকালমুৱা লোহাৰকাঠাত নৈশ প্ৰাইজমানি চুড়ান্ত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।চুড়ান্ত খেল উপভোগ কৰিবৰ বাবে সহস্ৰাধিক দৰ্শক উপস্থিত হয়।
চুড়ান্ত খেলখনত দলেতলা নয়নজ্যোতি স্পোৰ্টছ ক্লাৱ আৰু ঘোগা এফ চি দলৰ মাজত অনুষ্ঠিত হৈছিল। দলেতলা নয়নজ্যোতি স্পোৰ্টছ ক্লাৱ আৰু ঘোগা এফ চি দলৰ মাজত তীব্ৰ উত্তেজনাপুৰ্ন খেল অনুষ্ঠিত হৈছিল। খেলখনত দলেতলা নয়নজ্যোতি স্পোৰ্টছ ক্লাৱে ট্ৰাইবেকাৰৰ জৰিয়তে ১-০ ৰ ব্যৱধানত বিজয়ী হয়। দলেতলা স্পৰ্টছ ক্লাৱে ট্ৰাইবেকাৰৰ সহযোগত ঘোগা এফ চি দলক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰে। চুড়ান্ত খেলখনত প্ৰথম পুৰস্কাৰ আছিল ৫০ হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ আছিল ৪০ হাজাৰ টকা । খেলৰ অন্তত বিজয়ী তথা বিজিত দুয়োটা দলকে পুৰস্কৃত কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
