মাদ্ৰিদ, ২০ জুন (হি.স.)। টেনিছৰ মহান ৰাফেল নাডালক বৃহস্পতিবাৰে স্পেইনৰ ৰজা ষষ্ঠ ফেলিপে ‘মাৰ্কিছ’ উপাধি প্ৰদান কৰে। এই সন্মান তেওঁক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়োৱা অনন্য অৱদানৰ বাবে আৰু দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে দিয়া হৈছে। ৰাজপ্ৰসাদৰ পৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে তেওঁলোক (সন্মানিতসকল) স্পেইনৰ বাবে গৌৰৱৰ উৎস আৰু সমাজক অনুপ্ৰাণিত কৰিব পৰা মূল্যবোধৰ প্ৰতীক।
২২ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন নাডালে যোৱা বছৰ পেছাদাৰী টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ৰজা ষষ্ঠ ফেলিপৰ ৰাজত্বকালৰ দশম বৰ্ষপূৰ্তি উপলক্ষে তেওঁক এই উপাধি প্ৰদান কৰা হয়, য’ত ছয়জন বিশিষ্ট ব্যক্তিক সন্মান জনোৱা হয়। খিতাপ লাভ কৰা আন আন চেলিব্ৰিটিসকলৰ ভিতৰত আছে প্ৰখ্যাত পপ-ৰক গায়িকা লুজ কেছাল আৰু পেৰালিম্পিক সাঁতোৰবিদ টেৰেছা পেৰালেছ।
নাডালে এতিয়া তেওঁৰ গৃহ দ্বীপ মেয়ৰ্কাৰ নামেৰে লেভেণ্ট ডি মেয়ৰ্কাৰ মাৰ্কিছ উপাধি লাভ কৰিছে। এইটো হ’ব বংশগত উপাধি, যিটো তেওঁৰ বংশধৰসকলে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিবলৈ সক্ষম হ’ব। ৩৯ বছৰীয়া নাডালে ১৪ বাৰ অভিলেখ সৃষ্টি কৰি ফ্ৰেঞ্চ অ’পেনত জয়লাভ কৰি ইতিহাসৰ সৃষ্টি কৰিছে। যোৱা মাহত ৰ’লেণ্ড গাৰোছৰ চেণ্টাৰ ক’ৰ্টত তেওঁক স্থায়ী ‘ফুটপ্ৰিণ্ট’ৰে সন্মানিত কৰা হৈছিল।
এই খিতাপটোৱে স্পেইনত নাডালৰ অসাধাৰণ উত্তৰাধিকাৰ আৰু ক্ৰীড়াত তেওঁৰ কৃতিত্বক চিৰদিনৰ বাবে স্মৰণ কৰি ৰাখিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
