
নলবাৰী, ০৫ নৱেম্বৰ (হি.স.): আজিৰ পৰা আৰম্ভ হৈছে শ্ৰীশ্ৰীহৰি মন্দিৰ নলবাৰীৰ ৯২সংখ্যক ৰাস মহোৎসৱ। ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱত অহা কালি বৃহস্পতিবাৰে সন্ধিয়া ১০ হেজাৰ গায়ক গায়িকাই একেলগে গীত পৰিৱেশন কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক জনাব শ্ৰদ্ধাঞ্জলি ।
দ্বিতীয় দিনা অৰ্থাৎ ছয় নৱেম্বৰত ১০ হেজাৰ গায়ক গায়িকাই জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি হিয়াৰ আমঠু জূবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব । এই উপলক্ষে বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতীৰ তত্ত্বাৱধানত নলবাৰী চৰকাৰী গৰ্ডন স্কুল খেল পথাৰত আৰম্ভ হৈছে আখৰা । জুবিনৰ গাৰ্গৰ ২০টা কালজয়ী গীতৰ সংমিশ্ৰণত ৩৫ মিনিট সমৰ একেলগে পৰিবেশন কৰা হ’ব গীত । আখৰা শিৱিৰত উপস্থিত থাকে জুবিন গাৰ্গৰ ঘনিষ্ঠ তথা সহ শিল্পী প্ৰিয়াংকুশ, দিপ্তেশ বৰগোহাঞি, দিগন্ত শৰ্মাকে ধৰি বহু কেইগৰাকী ঘনিষ্ঠ শিল্পী ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
