• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > বৃহস্পতিবাৰে এ আই এফ এফ ছুপাৰ কাপৰ ফাইনেল খেলত পঞ্জাৱ এফ চিৰ বিৰুদ্ধে পূব বংগৰ মুখামুখি
Sports

বৃহস্পতিবাৰে এ আই এফ এফ ছুপাৰ কাপৰ ফাইনেল খেলত পঞ্জাৱ এফ চিৰ বিৰুদ্ধে পূব বংগৰ মুখামুখি

CliQ INDIA
Last updated: December 4, 2025 8:37 am
CliQ INDIA
Share
4 Min Read
SHARE

গোৱা, ০৩ ডিচেম্বৰ (হি স)। বৃহস্পতিবাৰে জৱাহৰলাল নেহৰু ফটৰদা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এ আই এফ এফ ছুপাৰ কাপ ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে পঞ্জাৱ এফ চিয়ে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে। দুয়োটা দলে গ্ৰুপ বিজয়ী হিচাপে আগবাঢ়িছে আৰু এতিয়া কাইলৈ বিয়লি ৪ বজাত ফাইনেলত স্থানৰ বাবে মুখামুখি হ’ব।

গ্ৰুপ পৰ্যায়ত অপৰাজিত হৈ থকা পঞ্জাৱ এফ চিয়ে দুটা জয়কে ধৰি ৭ পইণ্টেৰে শীৰ্ষস্থান দখল কৰে আৰু গ্ৰুপৰ অন্তিমখন মেচত পেনাল্টি শ্বুটআউটত বেংগালুৰু এফ চিক পৰাস্ত কৰে, মেচখন ৰেগুলেচন টাইমত ০-০ গ’লত সমাপ্ত হোৱাৰ পিছত। দুয়োটা দলে সমান পইণ্ট আৰু সমান গ’ল লাভ কৰি পেনাল্টিত বিজয়ী নিৰ্ণয় কৰা হয়।

পঞ্জাৱ এফ চিয়ে গোকুলাম কেৰেলা এফ চিৰ বিৰুদ্ধে ৩-০ গ’লত জয়লাভ কৰি অভিযান আৰম্ভ কৰে, নিখিল প্ৰভু, প্ৰিন্সটন ৰেবেলো, আৰু গুৰসিমৰত সিঙৰ অ’ন গ’লৰ সহায়ত। ইয়াৰ পিছতে নিন্থোইংগানবা মিটেই, সমীৰ জেলজকোভিচ আৰু মাংগালেনথাং কিপগেনৰ গ’লেৰে মহম্মদ এছ চিক ৩-০ গ’লত পৰাস্ত কৰে।

আনহাতে, টুৰ্ণামেণ্টৰ উদ্বোধনী খেলখনত ইষ্ট বংগে ডেম্পো এছ চিৰ সৈতে ২-২ গ’লত ড্র কৰিছিল যদিও তাৰ পাছত চেন্নাইন এফ চিক ৪-০ গ’লত পৰাস্ত কৰে৷ গ্ৰুপৰ অন্তিমখন খেলত প্ৰতিদ্বন্দ্বী মোহন বাগান ছুপাৰ জায়েন্টছক ০-০ গ’লত ড্ৰ’ কৰি গ’লৰ ব্যৱধানত ছেমি ফাইনেলত প্ৰৱেশ কৰে।

খেলখনৰ পূৰ্বে পঞ্জাৱ এফ চিৰ মুখ্য প্ৰশিক্ষক পানাজিঅ’টিছ ডিলাম্পাৰিছে কয়, আমি ছেমি ফাইনেলৰ বাবে পুংখানুপুংখভাৱে প্ৰস্তুতি চলাইছো, আৰু খেলুৱৈসকল উৎকৃষ্ট মানসিক আৰু শাৰীৰিক অৱস্থাত আছে। দলটোৰ আত্মবিশ্বাস উচ্চ, কিন্তু আমি এইটোও জানো যে ইষ্ট বেংগল হৈছে প্ৰতিটো বিভাগতে গুণগত মানসম্পন্ন অভিজ্ঞ আৰু সুষম দল। সমগ্ৰ প্ৰতিযোগিতাখনতে তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে, গতিকে আমি সৰ্বাধিক মনোনিৱেশ, অনুশাসন, আৰু সাহস।

গ্ৰুপ পৰ্যায়ত ভাৰতীয় যুৱ খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰা মুখ্য প্ৰশিক্ষকগৰাকীক এতিয়া আঘাতৰ বাবে বেংগালুৰু এফ চিৰ বিৰুদ্ধে খেলত অংশ ল’ব নোৱাৰা মহম্মদ সুহেইলৰ উভতি অহাৰ ফলত শক্তিশালী হ’ব। নিন্থোইংগানবা মিটেই আৰু মংগেলেনথাং কিপগেনে আক্ৰমণত জিলিকি থকাৰ বিপৰীতে অধিনায়ক নিখিল প্ৰভু আৰু প্ৰিন্সটন ৰেবেলোৱে মিডফিল্ডক শক্তিশালী কৰিছে। গ্ৰুপ মেচসমূহত ডিলাম্পেৰিছে সুৰেশ মিটেই, বিবয় ভাৰ্গেজ, খাইমিংথাং লুংডিম, আৰু মহম্মদ উৱেইছৰ সৰ্বভাৰতীয় ডিফেন্সক খেলপথাৰত নামিছিল যদিও হালধীয়া কাৰ্ডৰ বাবে নিলম্বনৰ বাবে উৱাইছ উপলব্ধ নহ’ব।

ছুপাৰ কাপৰ পূৰ্বে চুক্তিবদ্ধ হোৱা বিদেশী খেলুৱৈ ডানি ৰামিৰেজ, সমীৰ জেলজকোভিচ আৰু নুংগুচি এফয়ঙে গ্ৰুপ পৰ্যায়ত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছিল, আনহাতে ডিফেণ্ডাৰ পাবলো ৰেনেন ডছ ছান্টোছে এতিয়াও অভিষেক ঘটাব পৰা নাই। ইয়াৰ উপৰিও দলটোৱে নাইজেৰিয়াৰ উইংগাৰ বেডে আমাৰাচি অছুজীক যোগ দিছে, যিজন আক্রমণাত্মক বিকল্প হ’ব৷ প্ৰমবীৰ সিং, লিঅ’ন অগাস্টিন, চিংমায়ুম শ্বামী, ৰিকি শ্বাবং, বিনীত ৰায়, আৰু সগোলচেম বিকাশ সিঙৰ দৰে শক্তিশালী বিকল্পও বেঞ্চত আছে।

এই ছিজনত কেইবাজনো আকৰ্ষণীয় বিদেশী খেলুৱৈৰ লগতে ভাৰতীয় খেলুৱৈ নাওৰেম মহেশ সিং, বিপিন সিং, জয় গুপ্তা, আনোৱাৰ আলী, আৰু এডমাণ্ড লালৰিণ্ডিকাৰ ভাল ফৰ্মৰ দ্বাৰা পূব বংগে লাভৱান হৈছে। ইতিমধ্যে দলটোৰ হৈ গ’ল দিছে মিগেল ফেৰেইৰা, কেভিন ছিবিলে, হিৰোছি ইবুছুকিয়ে। পেলেষ্টাইনী আন্তঃৰাষ্ট্ৰীয় মহম্মদ ৰছিদৰ সহযোগত মিডফিল্ডত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে চৌল ক্ৰেস্পোৱে। মৰক্কোৰ ষ্ট্ৰাইকাৰ হামেদ আহদাদেও নিজৰ আক্ৰমণাত্মক দক্ষতাৰে দলটোৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে।

দুয়োটা দলে নিজ নিজ গ্ৰুপত শীৰ্ষস্থান দখল কৰি আত্মবিশ্বাসেৰে ছেমিফাইনেলৰ কাষ চাপিছে। এই মেচখন টাইট আৰু ৰোমাঞ্চকৰ হ’ব বুলি প্ৰতিশ্ৰুতি দিছে। পাঞ্জাব এফ চিয়ে নিজৰ অনুশাসিত আৰু অপৰাজিত দৌৰ অব্যাহত ৰাখি ইতিহাস ৰচনা কৰিবলৈ মাত্ৰ এখোজ দূৰত থকাৰ বিপৰীতে পূব বংগে অভিজ্ঞতা, শক্তি, আৰু আশাৰ গধুৰ ওজনেৰে খেলপথাৰখন গ্ৰহণ কৰিব। এআইএফএফ ছুপাৰ কাপৰ ফাইনেলত প্ৰৱেশৰ সুযোগ বাজিত পৰিছে, আৰু এই গুৰুত্বপূৰ্ণ মেচখনৰ ফলাফল মিনিট আৰু গুৰুত্বপূৰ্ণ মুহূৰ্তৰ দ্বাৰা নিৰ্ণয় কৰা হ’ব। —————–

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

ধেমাজি আছুৰ বিশাল জোঁৰ সমদল
T20 বিশ্বকাপ ২০২৬ পইণ্ট তালিকা ভাৰত বনাম নেদাৰলেণ্ডৰ সংঘৰ্ষৰ পিছত আপডেট কৰা হ’ল, যিহেতু চুপাৰ ৮ লাইনআপ চূড়ান্ত কৰা হ’ল
জোছ বাটলাৰে নিজৰ ভুল স্বীকাৰ, কয়-ম’ইনক স্পিন ফ্ৰেণ্ডলী পিটচত বল কৰাব লাগিছিল | BulletsIn
ৰাজস্থান ৰয়েলছে জয়পুৰত ভয়ানক লক্ষ্ণৌ ছুপাৰজিয়ান্টছৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সন্মুখীন হৈছে।
৬ জানুৱাৰীত বেছামাৰীত নৈশ ফুটবল খেলৰ আয়োজন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শুকুৰবাৰে প্ৰকাশ পাব অসম আৰক্ষীৰ ৫০০০টা পদৰ বিজ্ঞাপনঃ মুখ্যমন্ত্ৰী
Next Article অস্থি বিসৰ্জনৰ সময়ত পাপাৰাজিক লৈ অগ্নিশৰ্মা ছানী দেউল
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?