• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > (বাৰ্ষিকী) এছিয়া কাপত ৰূপ, প্ৰ’ লীগত প্ৰত্যাহ্বান, ভাৰতীয় মহিলা হকী দলৰ বাবে উত্থান-পতন
Sports

(বাৰ্ষিকী) এছিয়া কাপত ৰূপ, প্ৰ’ লীগত প্ৰত্যাহ্বান, ভাৰতীয় মহিলা হকী দলৰ বাবে উত্থান-পতন

CliQ INDIA
Last updated: December 31, 2025 10:35 pm
CliQ INDIA
Share
4 Min Read
SHARE

নতুন দিল্লী, ৩১ ডিচেম্বৰ (হি.স.)। ভাৰতীয় মহিলা হকী দলৰ বাবে ২০২৫ বৰ্ষটো বিশেষভাৱে ভাল নাছিল। ভাৰতীয় দলটোৱে মহিলা হকী এছিয়া কাপ ২০২৫ত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল, য’ত তেওঁলোকে ৰূপৰ পদক লাভ কৰিছিল। অৱশ্যে এছিয়া কাপৰ ফাইনেলত চীনৰ হাতত ১-৪ গ’লত পৰাস্ত হৈ অহা বছৰৰ বিশ্বকাপৰ বাবে প্ৰত্যক্ষ অৰ্হতাৰ পৰা বঞ্চিত হয়। তদুপৰি এফ আই এইচ প্ৰ’ লীগত দুৰ্বল প্ৰদৰ্শনৰ বাবে দলটোৱে নেচনছ কাপত অংশগ্ৰহণ কৰিব লাগিব।

অষ্ট্ৰেলিয়া ভ্ৰমণঃ ভাৰতীয় মহিলা দলটোৱে এপ্ৰিলৰ শেষৰ ফালে পাঁচখন মেচৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ জৰিয়তে বছৰটোৰ আৰম্ভণি কৰিছিল, য’ত তেওঁলোকে শীৰ্ষ পৰ্যায়ৰ দলৰ বিৰুদ্ধে মূল্যৱান আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা লাভ কৰিছিল। কিন্তু পাৰ্থত ভাৰতৰ অভিযানৰ অন্ত পৰিল মিশ্ৰিত ফলাফলৰ সৈতে। প্ৰথম দুখন মেচত ২-০ আৰু ৩-২ গ’লত পৰাস্ত হোৱাৰ পিছত চূড়ান্ত মেচখনত ১-০ গ’লত জয়লাভ কৰে। ভাৰতীয় মহিলা হকী দলটোৱে এই ভ্ৰমণত মুঠ পাঁচখন খেল খেলি এখন জয় আৰু চাৰিখন পৰাজয়ৰ সৈতে খেলখন সামৰে। প্ৰথম দুখন মেচ অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে আছিল, আৰু দুয়োখন খেলতে ভাৰতীয় দলে পৰাস্ত হৈছিল। কিন্তু ফলাফল যিয়েই নহওক কিয়, এই ভ্ৰমণ দলটোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল, কিয়নো ই উদীয়মান প্ৰতিভাক আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজকে প্ৰমাণ কৰাৰ সুযোগ প্ৰদান কৰিছিল।

প্ৰ’ লীগত হতাশাজনক অভিযানঃ

২০২৪-২৫ চনৰ মহিলা এফ আই এইচ হকী প্ৰ’ লীগ ভাৰতীয় দলৰ বাবে এক কঠিন খেল বুলি প্ৰমাণিত হয়। অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা, বেলজিয়াম, চীনৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে খেলি ভাৰতে ধাৰাবাহিকতা বজাই ৰাখিবলৈ সংগ্ৰাম কৰিছিল। ১৬খন খেলৰ পৰা মাত্ৰ দুটা জয় আৰু ১০ পইণ্ট লাভ কৰি দলটোৱে তালিকাৰ শেষ স্থান দখল কৰে। যোৱা আঠখন খেলত একেৰাহে পৰাজয়কে ধৰি মুঠ ১১খন মেচত পৰাস্ত হৈছিল দলটোৱে। ইয়াৰ ফলত দলটোৱে এফ আই এইচ নেচনছ কাপৰ পৰা ৰেলিগেচন লাভ কৰে।

যদিও দলটোৱে বহু মেচত যুঁজৰ মনোভাৱ আৰু আক্ৰমণাত্মকতা প্ৰদৰ্শন কৰিছিল, তথাপিও ডিফেন্সিভ লেপছ আৰু গুৰুত্বপূৰ্ণ মুহূৰ্তত গ’ল দিব নোৱাৰাটো ব্যয়বহুল বুলি প্ৰমাণিত হৈছিল। ইয়াৰ পিছতো নেদাৰলেণ্ডৰ বিৰুদ্ধে পেনাল্টি শ্বুটআউটৰ জয়, কেইবাখনো ঘনিষ্ঠ মেচ, আৰু যুৱ খেলুৱৈসকলৰ আকৰ্ষণীয় প্ৰদৰ্শনে দলটোৰ ক্ৰমবৰ্ধমান কৌশলগত বুজাবুজি আৰু ফিটনেছৰ পৰিচয় দিয়ে। দলটোৱে এতিয়া নেচনছ কাপক এক সুযোগ হিচাপে লয়, য’ত পেনাল্টি কৰ্ণাৰক গ’ললৈ ৰূপান্তৰিত কৰা আৰু দলৰ গভীৰতা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব। লক্ষ্য হৈছে ২০২৬-২৭ ছিজনত এফ আই এইচ প্ৰ’ লীগলৈ ঘূৰি অহা।

এছিয়া কাপ ৰূপৰ পদকঃ

পেনাল্টি-কৰ্ণাৰ বিশেষজ্ঞ দীপিকা আৰু অভিজ্ঞ গ’লৰক্ষক সবিতাৰ অনুপস্থিতিৰ পাছতো চীনত অনুষ্ঠিত হোৱা মহিলা হকী এছিয়া কাপ ২০২৫ত ভাৰতীয় দলটোৱে প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়ায়। দলটোৱে গ্ৰুপ পৰ্যায়ত আকৰ্ষণীয় জয় নিশ্চিত কৰি ফাইনেলত প্ৰৱেশ কৰে, য’ত আয়োজক চীনৰ হাতত ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতাত পৰাস্ত হোৱাৰ পিছত ৰূপৰ পদকত সন্তুষ্ট হয়। গোটেই অভিযানটোত দলটোৰ শক্তি, সুষম গঠন, আৰু সামূহিক প্ৰদৰ্শন স্পষ্ট হৈ পৰিছিল, যিয়ে এছিয়াৰ প্ৰতিযোগিতাসমূহত ভাৰতৰ অবিৰত শক্তিশালী উপস্থিতিক আৰু অধিক শক্তিশালী কৰি তুলিছিল।

ভৱিষ্যতৰ প্ৰতি হকী ইণ্ডিয়াৰ আশাবাদী দৃষ্টিভংগীঃ

হকী ইণ্ডিয়াৰ মতে অভিজ্ঞ খেলুৱৈসকলৰ সৈতে যুৱ খেলুৱৈসকলে ভালদৰে সমন্বয় সাধন কৰিছিল আৰু উচ্চ চাপৰ খেলসমূহৰ পৰা মূল্যৱান শিক্ষা লাভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঘনিষ্ঠ পৰাজয়ৰ পৰা শিকি দলটোৰ মানসিক শক্তি আৰু গুৰুত্বপূৰ্ণ মুহূৰ্তত প্ৰদৰ্শন কৰাৰ ক্ষমতাক নিখুঁত কৰি তুলিছে, যিটো এছিয়া কাপত স্পষ্ট হৈ পৰিছে।

ভাৰতীয় মহিলা হকী দলৰ দৃষ্টি এতিয়া এফ আই এইচ নেচনছ কাপ আৰু বিশ্বকাপৰ কোৱালিফায়াৰৰ ওপৰত। বিশ্লেষণাত্মক প্ৰস্তুতি, শক্তিশালী প্ৰতিৰক্ষা, আৰু খেলৰ গতি বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰদৰ্শন উন্নত কৰাৰ বাবে বিশেষ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে।

সামগ্ৰিকভাৱে ২০২৫ চনটো আছিল ভাৰতীয় মহিলা হকীৰ বাবে সংগ্ৰাম আৰু শিক্ষণৰ বছৰ, যিটো ২০২৬ চনৰ প্ৰত্যাহ্বানৰ বাবে এক শক্তিশালী আৰু আত্মবিশ্বাসী দল গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব পাৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

১৯ বছৰ অনুৰ্দ্ধ ভাৰতীয় মহিলা ফুটবলৰ বাছনি শিৱিৰলৈ আমন্ত্ৰিত বাক্সাৰ জ্ঞাতিগাঁৱৰ ভূমিকা সূত্ৰধৰ
কেকেআৰ বনাম পিবিকেএছঃ টি-২০ ক্ৰিকেটত পঞ্জাব কিংছে সৰ্বাধিক স্ক’ৰ কৰি কেকেআৰক ৮ উইকেটত পৰাস্ত কৰে
উইম্বলডন ২০২৫: জ’কভিচৰ মুলাৰক পৰাস্ত কৰি ২৫ সংখ্যক গ্ৰেণ্ড শ্লেম অভিযানত এক সুন্দৰ আৰম্ভণি
বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত উপস্থিত নীৰজ চোপ্ৰা, খেলুৱৈসকলক উল্লাসিত কৰিবলৈ দৰ্শকক আহ্বান
১৯৪৮ চনৰ লণ্ডন অলিম্পিকৰ স্বৰ্ণ পদক ভাৰতীয় হকীৰ বাবে সদায় বিশেষ হৈ থাকিব : হৰমনপ্ৰীত সিং

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কচুৱাত নিৰুদ্দেশ ৩৮ বছৰীয়া যুৱক
Next Article বক্স অফিচত ধুৰন্ধৰযে চমক অব্যাহত, ভাৰতত ₹৭০০ কোটি টকা অতিক্ৰম
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?