বাক্সা, ২২ ডিছেম্বৰ (হি স)। ৰাজ্য তথা বাক্সা জিলাৰ ক্ৰীড়াক্ষেত্ৰলৈ সুখবৰ কঢ়িয়াই বাক্সা জিলাৰ শালবাৰী মহকুমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী জ্ঞাতিগাঁৱৰ ফুটবল খেলুৱৈ ভূমিকা সূত্ৰধৰে ১৯ বছৰ অনুৰ্দ্ধ ভাৰতীয় মহিলা ফুটবল দলৰ বাছনি শিৱিৰলৈ আমন্ত্ৰণ লাভ কৰিছে ৷ গোৱাত অনুষ্ঠিত হ’বলগীয়া উক্ত বাছনি শিৱিৰ তথা অনুশীলন খেলখনৰ বাবে ২৮ ডিছেম্বৰত গোৱালৈ যাত্ৰা কৰিব ভূমিকাই ৷
উল্লেখযোগ্য যে ২০ বছৰীয়া ফুটবল প্ৰশিক্ষক ধনঞ্জয় উৰাঙৰ তত্বাবধানত সপ্তম শ্ৰেণীৰ পৰাই ফাতেমাবাদ খেলপথাৰত অনুশীলন কৰি আহিছিল ভূমিকা সূত্ৰধৰে ৷ আনহাতে ১৯ বছৰীয়া ভূমিকা সূত্ৰধৰৰ কেৰালাত কৰ্মৰত শ্ৰমিক সুশান্ত সূত্ৰধৰ আৰু ফাতেমাবাদ চাহ বাগিছাৰ চাহ শ্ৰমিক কুৱাৰী সূত্ৰধৰৰ জ্যেষ্ঠা কন্যা ৷ বাঁহবাৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী ভূমিকাৰ ভগ্নী কুমকুম সূত্ৰধৰেও লক্ষীমপুৰত ছাইৰ হৈ ১৩ বছৰ অনুৰ্দ্ধ ভাৰতীয় মহিলা ফুটবল দলত খেল খেলাৰ সুযোগ লাভ কৰিছে ৷ অতি দৰিদ্ৰ পৰিয়ালৰ ভূমিকাৰ এই সফলতাত স্বাভাৱিকতে উৎফুল্লিত হৈছে পিতৃ-মাতৃ, প্ৰশিক্ষক, চুবুৰীয়া তথা বাস্কা জিলাৰ ক্ৰীড়াক্ষেত্ৰৰ লগত জড়িত প্ৰতিজন ৷
আজি বাক্সাৰ উপায়ুক্ত কৃষ্ণা বৰুৱাই ভূমিকাৰ গৃহত উপস্থিত হৈ খেলুৱৈগৰাকীক দিলা প্ৰশাসনৰ ফালৰ পৰা সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰে, লগতে খেলুৱৈগৰাকীক ফুলৰ থোপা, গামোছাৰে সম্বৰ্দ্ধনা জনায় ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
