পশ্চিম কাৰ্বি আংলং, ১৯ জুন (হি.স.): সদৌ অসম মইনা পাৰিজাতৰ পশ্চিম কাৰ্বি আংলং জিলাৰ তৰা মইনা পাৰিজাতৰ উদ্যোগত অহা ২০ জুনত পশিম কাৰ্বি আংলং জিলাৰ বৃহত্তৰ তৰাডুবি মিনি ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত ৰাভা দিৱস অনুষ্ঠিত কৰাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলিছে ৷ তৰা মইনা পাৰিজাত , তৰাডুবি শাখাৰ সাধাৰণ সম্পাদিকা কল্পনা দেৱীয়ে প্ৰচাৰ বিভাগৰ সম্পাদক নাৰায়ণ বৰুৱাক জনোৱা অনুসৰি সেইদিনা পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব তৰা মইনা পাৰিজাত তৰাডুবি শাখাৰ সভাপতি দিপক বৰাই ৷ পুৱা ৯—৩০ বজাত বৃক্ষৰোপণ কৰিব তৰা মইনা পাৰিজাত , তৰাডুবি শাখাৰ মইনা তথা ওপৰ তৰাডুবি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছেৰবলন ক্ৰ’য়ে ৷ পুৱা ১০ বজাত বন্তি প্ৰজ্বলন কৰিব তৰাডুবি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী তথা মইনা গীতিকা লৰমে ৷
ইফালে পুৱা ১০ বজাৰ পৰা চিত্ৰাংকন , কবিতা আবৃত্তি , বক্তৃতা আৰু ৰাভা সংগীতত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷ নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ ১৫০০ টকা , ট্ৰফী আৰু মানপত্ৰ , দাতা হাতীমৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কান্ত ইংতি , দ্বিতীয় পুৰস্কাৰ নগদ ১০০০ টকা , ট্ৰফী আৰু মানপত্ৰ , দাতা টুম্প্ৰেং বালিগাঁৱৰ বিশিষ্ট সমাজ সেৱক ধীৰেন টেৰণ, তৃতীয় পুৰস্কাৰ নগদ ৭০০ টকা , ট্ৰফী আৰু মানপত্ৰ , দাতা তৰাডুবি মানিক চন্দ্ৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মনিকা ডাৰফাং আৰু চতুৰ্থ পুৰস্কাৰ ভাস্কৰজ্যোতি ক্ৰ সোঁৱৰণি নগদ ৫০০ টকা, ট্ৰফী আৰু মানপত্ৰ, দাতা পিতৃ প্ৰসাদ ক্ৰ ৷
ইয়াৰ পিছতে বিয়লি এক বজাত মুকলি ও বটাঁ বিতৰণী সভাখন অনুষ্ঠিত কৰা হ’ব ৷ সভাত সভাপতিত্ব কৰিব সভাপতি দিপক বৰাই ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব তৰা মইনা পাৰিজাতৰ, তৰাডুবি শাখাৰ মইনা তথা টুম্প্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আনুশ্ৰী লিম্বু আৰু তৰাডুবিৰ বিশিষ্ট সমাজ সেৱক অম্বিৰাম ডাৰফাং দ্বয়ে ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব শৰৎ চন্দ্ৰ মহন্ত , বিশ্বজিৎ কাকতি , পদ্মকান্ত বৰা, ৰজিনা বেপী, পঞ্চমী বৰদলৈ, ৰূপা জেচুৱাল, লক্ষীৱতী বৰদলৈ, জিতেন ক্ৰ, ৰেখা লস্কৰ, বিনা বৰা, বৰষা বৰা, দেৱকান্ত টেৰণ, বিজু ৰাজভৰ, নৃপেন পাটৰ, কান্ত ইংতি আৰু ধীৰেন টেৰণ আদি উপস্থিত থাকিব ৷
সেয়েহে বৃহত্তৰ তৰাডুবি অঞ্চলৰ মইনা সকলৰ লগতে অভিভাৱক সকলকো ৰাভা দিৱস অনুষ্ঠানত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে মইনা সকলক আগুৱাই যোৱাৰ ক্ষেত্ৰত উৎসাহ—উদ্দিপনা যোগাবলৈ আয়োজক সমিতিৰ হৈ সম্পাদিকা কল্পনা দেৱীয়ে আহ্বান জনাইছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
