কোকৰাঝাৰ, ০৪ জানুৱাৰী (হি স)। কোকৰাঝাৰত অনুষ্ঠিত হৈ আছে খেলো ইণ্ডিয়া নৰ্থ ইষ্ট জ’নৰ মহিলা উ-ছু লীগ। কোকৰাঝাৰ ছাই ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই খেলো ইণ্ডিয়া নৰ্থ ইষ্ট জ’নৰ মহিলা উ-ছু লীগ ৷ এই প্ৰতিযোগিতাখনৰ উদ্দেশ্য হৈছে মহিলা-যুৱতী খেলুৱৈক উৎসাহিত কৰা ৷
কোকৰাঝাৰ চহৰৰ কঠালগুৰিস্থিত ছাইৰ ইন্ডোৰ ষ্টেডিয়ামত অসম উ-ছু এছ’ছিয়েছনৰ উদ্যোগত ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ আৰম্ভ হৈছে নৰ্থ ইষ্ট জ’নৰ খেলো ইণ্ডিয়াৰ অধীনত মহিলা উ-ছু লীগ ৷ উত্তৰ পূৱ মণ্ডলৰ অন্তৰ্গত উক্ত লীগ অসম, মেঘালয়, পশ্চিম বংগ, অৰুণাচল, মণিপুৰ, চিকিম, বিহাৰৰ ৫৫০ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
